মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গো মাংস খোৱা-নোখোৱাকলৈ সদনত বিতৰ্ক! মুখ্যমন্ত্ৰীয়ে ক'লে,'বৰপেটা সত্ৰৰ ৫ কিলোমিটাৰৰ ভিতৰত গো মাংস নাখাবলৈ ক'লে, কোনো প্ৰকৃত মুছলমানে বিৰোধ নকৰে'

গো মাংস খোৱা-নোখোৱাকলৈ সদনত বিতৰ্ক! মুখ্যমন্ত্ৰীয়ে ক'লে,'বৰপেটা সত্ৰৰ ৫ কিলোমিটাৰৰ ভিতৰত গো মাংস নাখাবলৈ ক'লে, কোনো প্ৰকৃত মুছলমানে বিৰোধ নকৰে'

News18 Assam | News18-Assam
Updated:August 13, 2021, 5:33 PM IST
গো মাংস খোৱা-নোখোৱাকলৈ সদনত বিতৰ্ক! মুখ্যমন্ত্ৰীয়ে ক'লে,'বৰপেটা সত্ৰৰ ৫ কিলোমিটাৰৰ ভিতৰত গো মাংস নাখাবলৈ ক'লে, কোনো প্ৰকৃত মুছলমানে বিৰোধ নকৰে'
গাহৰিক আপোনালোকে পূজা নকৰে ৷ কৰা হ'লে মই নিষিদ্ধ কৰি দিলোহেতেনঃ মুখ্যমন্ত্ৰী

গাহৰিক আপোনালোকে পূজা নকৰে ৷ কৰা হ'লে মই নিষিদ্ধ কৰি দিলোহেতেনঃ মুখ্যমন্ত্ৰী

  • Share this:
গো সুৰক্ষা বিধেয়ককলৈ আজি উত্তপ্ত হৈ পৰে সদন।  বিধেয়কখনৰ বিৰোধিতা কৰে কেইবাজনো বিৰোধী পক্ষৰ বিধায়কে।  সদনত আজিৰ দিনটোত বিলখনৰ প্ৰতিটো দফাই আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে বিধানসভাত প্ৰস্তাৱ কৰে বিধেয়কখন।

পিছত বিৰোধীয়ে বিধেয়কখনৰ বিৰোধিতা কৰি, বিধেয়কখন চিলেক্ট কমিটীলৈ পঠিওৱাৰ দাবী কৰাৰ সময়তে পুনৰ চৰকাৰৰ স্থিতি স্পষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,'বিলখন ছিলেক্ট কমিটীলৈ পঠাব লাগে নে নালাগে তাক সদনে ঠিক কৰিব ৷ মই কিছু সময় ক'ব বিচাৰিছো ৷আমাৰ দেশখন মূল্যবোধৰ ৰাষ্ট্ৰ ৷ আমাৰ দেশ ধৰ্মনিৰপেক্ষ দেশ। আমাৰ সংবিধানে কৈছে কি? দেশখন কেনেকৈ চলিব ৷ ফাউণ্ডামেণ্টেল ৰাইটছে দেশ কেনেকৈ চলাব লাগে তাক নকয় ৷ কয় ব্যক্তিগত অধিকাৰৰ কথা। আজি টেক্টৰ পাৱাৰ টিলাৰ অহাৰ বাবে গৰু মাৰি দিম নেকি? ৰৱট অহাৰ বাবে কি মানুহবোৰ মাৰিব লাগিব?  গোপীনাথ বৰদলৈত ১৯৫০ত কেটেল প্ৰিজাৰ্ভেশ্যন বিল আনিছিল ৷ গুজৰাটে আনিছিল তাৰ পিছতহে। অসমীয়া মানুহে গৰুক সুৰক্ষা দিয়ে গাখীৰ দিয়াৰ বাবে।
ভাৰতত হিন্দু-মুছলমানৰ মাজত অবিশ্বাসৰ কাৰণ এটাই যে, আমি পূজা কৰাক আপোনালোকে ভক্ষণ কৰে ৷ নামনি আৰু বৰাকত গোষ্ঠীগত সংঘৰ্ষ হয় কেৱল গো মাংসক লৈ ৷ মন্দিৰত গো মাংস দলিয়াই ৷'

কাৰোবাক হত্যা কৰি অৰ্থনীতি নহয়; যাক আমি পূজা কৰোঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে,' আপোনালোকে য'ত আছে তাত খাওক ৷ কিন্তু হিন্দু, জৈন, বৌধিষ্টে থকা ঠাইত নাখাব ৷ ভাল মুছলমানে কেতিয়াও তেনে কাম নকৰে। মন্দিৰ নামঘৰ থকা ঠাইৰ পৰা পাঁচ কিলোমিটাৰ দূৰত খাওক ৷ নামানিলে সংঘাত হ'ব ৷ খোৱাতটো আমি বাধা দিয়া নাই ৷ মই কম যে খাবই নালাগে ৷ কিন্ত মোৰ কথা মানিব জানো ৷ মই এই সদনৰ মুছলমান সদস্যসকলক কম যে, আপোনালোকে কওক পাঁচ কিলোমিটাৰ নহয় ছয় কিলোমিটাৰ দূৰত খাম বুলি কওক। বৰপেটা সত্ৰৰ ৫ কিলোমিটাৰৰ ভিতৰত গো মাংস নাখাবলৈ ক'লে, কোনো প্ৰকৃত মুছলমানে বিৰোধ নকৰে'

'অহা মাহৰ পৰা গাই গৰু জন্ম হোৱা ঔষধ ব্যৱহাৰ কৰা হ'ব ৷ মতা গৰু জন্ম নহ'ব।
১৪ বছৰ বয়সৰ তলৰ গাই গৰু মাৰিব দিয়া নাই গোপীনাথ বৰদলৈৰ ১৯৫০ৰ আইনত ৷ কংগ্ৰেছে পঢ়া নাই বৰদলৈৰ আইনখনক ৷ ১৯৫০ৰ আইনকে আমি কৈছো যে, নিষিদ্ধ আছিলেই ইমান দিনে ৷ ইম্পিলিমেন্টহে হোৱা নাছিল। আমি আইনত সংযোগ কৰিছো যে, অসমৰ ভিতৰেদি গৰুৰ চোৰাং বেহা চলিব নালাগে। হিন্দুয়ে গৰু বিক্ৰী কৰে দৰিদ্ৰতাৰ বাবে ৷ গৰু বিক্ৰী কৰাৰ ৰাতি ভাত নাখায় ৷ মন্দিৰত চাকি দিয়ে ৷ যদি নহ'ল হয় তেন্তে আমি সদনত একেলগে গৰু খালোহেঁতেন ৷ গাহৰিক আপোনালোকে পূজা নকৰে ৷ কৰা হ'লে মই নিষিদ্ধ কৰি দিলোহেতেন ৷ গাহৰিক কোৰবানি দিয়া নহয়।'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়।
Published by: Himangshu Bhuyan
First published: August 13, 2021, 5:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি