• Home
  • »
  • News
  • »
  • assam
  • »
  • 'উন্নয়নৰ নামত গেঠেলা মাৰিছে ডাৱল ইঞ্জিন চৰকাৰ'- মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাক বিশ্বাস নকৰাৰ অভিযোগ কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ

'উন্নয়নৰ নামত গেঠেলা মাৰিছে ডাৱল ইঞ্জিন চৰকাৰ'- মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাক বিশ্বাস নকৰাৰ অভিযোগ কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাক বিশ্বাস, আস্থাত ল'ব নোৱাৰে ৷ গতিকে সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে নিজে কৰেঃ ভৰত নৰহ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাক বিশ্বাস, আস্থাত ল'ব নোৱাৰে ৷ গতিকে সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে নিজে কৰেঃ ভৰত নৰহ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাক বিশ্বাস, আস্থাত ল'ব নোৱাৰে ৷ গতিকে সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে নিজে কৰেঃ ভৰত নৰহ

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাক বিশ্বাস, আস্থাত ল'ব নোৱাৰে ৷ গতিকে সকলো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে নিজে কৰে। এই মন্তব্য কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ ৷ সদনৰ মজিয়াত ভৰত নৰহৰ কটাক্ষ- উন্নয়নৰ নামত গেঠেলা মাৰিছে ডাৱল ইঞ্জিন চৰকাৰে ৷

ভৰত নৰহে লগতে কয় যে, 'দিল্লী দিছপুৰৰ চৰকাৰ হোৱাৰ পিছতে ৰাজ্যত বিশাল শূণ্যতা ৷ নেওগে দাখিল কৰা বাজেট তেনেই দুৰ্বল ৷ ৰাজ্যৰ উন্নয়ন প্ৰগতি তথা সমাজ সংস্কৃতিৰ ক্ষেত্ৰত নাই নতুন পদক্ষেপ ৷ অধিক ৰাজহ সংগ্ৰহৰ বিপৰীতে ঋণ লোৱাৰ পক্ষপাতী ২০২২-২৩ ৰ বাজেট ৷'

কেৱল ইমানেই নহয় অন্য়ান্য বিষয়তো চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছী বিধায়কগৰাকীয়ে। ভৰত নৰহে কয় যে, 'অসমত পৰ্য্যটনৰ ক্ষেত্ৰত অধিক কৰণীয় আছে ৷  বিদেশী পৰ্য্যটকক আকৰ্ষণ কৰিব পৰাকৈ গঢ় লোৱা নাই অসম ৷ ব্ৰহ্মপুত্ৰ তথা বৰাক দুই পাৰে অধিক সম্ভাৱণীয়তা আছে ৷ তাৰ পাছতো সকলো নীৰৱ ৷ বিদেশী পৰ্য্যটক নাহিলে কেনেকৈ সংগ্ৰহ হ'ব ৰাজহ ৷ চৰকাৰে ঋণ লৈছে ঠিক ৷ উন্নয়ন হব লাগিব ৷ কিন্তু বিপৰীতে চৰকাৰে ৰাজহ সংগ্ৰহৰ বাট মুকলি ৰাখিব লাগিব ৷ বিকাশৰ কথা শুনিব ভাল কিন্তু কোনো কামত অহা নাই ৷'
Published by:Himangshu Bhuyan
First published: