দেওবাৰে টিংখাঙত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।
দেওবাৰে টিংখাঙত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া শাসক-বিৰোধীয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। দেওবাৰে টিংখাঙত কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে। টিংখাঙৰ কৰঙানিত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰথমখন বিশাল নিৰ্বাচনী সভাত চত্তিশগড় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক দিয়ে বহু আশ্বাস।
কংগ্ৰেছ দলৰ প্ৰাৰ্থী এতোৱা মুণ্ডাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি ভূপেশ বাঘেলে কয় যে, 'এইবাৰ অসমত হ'ব মহাজোঁটবন্ধন চৰকাৰ। চত্তিশগড় চৰকাৰে ২৫শ টকা মূল্যত কৃষকৰ বাবে ধান ক্ৰয় কৰিছে। চত্তিশগড়ত ১৮ লাখ কৃষকৰ ১০ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰি দিয়া হৈছে। অসমত কংগ্ৰেছ চৰকাৰ আহিলে ২০০ ইউনিট বিদ্যুৎ মাছুল মাফ কৰি দিয়া হ'ব।'
ভূপেশ বাঘেলে লগতে কয় যে, 'ভাৰতীয় জনতা পাৰ্টীয়ে দিয়া প্ৰতিশ্ৰুতি পালন নকৰাৰ বাবে ৰাইজ ক্ষোভিত হৈ আছে আৰু এইবাৰ ৰাজ্যত মহাজোঁটে ১০০ আসন পাবলৈ সক্ষম হ'ব।'
সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে কয় - 'কংগ্ৰেছ চৰকাৰ আহিলে চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰা হ'ব। দুশ ইউনিট বিদ্যুৎ ৰেহাই দিয়া হ'ব।পাঁচ লাখ চাকৰি দিয়াৰ ব্যৱস্থা কৰিব। দৰিদ্ৰ মহিলাসকলক মাহিলী ২০০০ টকা দিয়াৰ ব্যৱস্থা কৰিব। আজিৰ সভাত চিপিআই (এম.এল.) দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বলিন্দ্ৰ শইকীয়াও উপস্থিত থাকে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|