এমাহ এদিন ধৰি চলিবলগীয়া অধিৱেশনখন অৱশ্যে নতুন ভৱনৰ পৰিৱৰ্তে বৰ্তমানৰ সদনতে চলিব বুলি কয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
এমাহ এদিন ধৰি চলিবলগীয়া অধিৱেশনখন অৱশ্যে নতুন ভৱনৰ পৰিৱৰ্তে বৰ্তমানৰ সদনতে চলিব বুলি কয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিবেশন। ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ অনুষ্ঠিত হ’ব অসম বিধান সভাৰ পূৰ্ণাংগ বাজেট অধিবেশন। ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰথমখন বাজেট অধিবেশনৰ বাবে সাজু হৈছে অসম বিধান সভা সচিবালয়য়ো। এমাহ এদিন ধৰি চলিবলগীয়া অধিৱেশনখন অৱশ্যে নতুন ভৱনৰ পৰিৱৰ্তে বৰ্তমানৰ সদনতে চলিব বুলি কয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
এক আছুতীয়া সাক্ষাৎকাৰত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে লগতে কয় যে নতুন ভৱনত এতিয়াও বহু কাম বাকী আছে। অধ্যক্ষগৰাকীয়ে জনোৱা মতে ১২৬ গৰাকী সদস্যৰ তিনিখন আসন সম্প্ৰতি খালী হৈ আছে। খালী হৈ থকা গোসাঁইগাঁও, তামুলপুৰ আৰু মৰিয়নী আসন কেইখনৰ বিপৰীতে ছয়মাহৰ ভিতৰত যিহেতু উপ–নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিব সেয়ে আসন তিনিখনৰ কথা নিৰ্বাচন আয়োগক অৱগত কৰে বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ১২ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিবেশনৰ প্ৰশ্ন দাখিলৰ বাবে বিভিন্ন সমষ্টিৰ বিধায়কসকলে সম্প্ৰতি বাহৰ পাতিছে গুৱাহাটীত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|