সকলো বেটেলিয়নৰ জোৱানৰ এমাহ চুটি বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোৱাৰ্টাৰত থকাসকলে পাব ১০ দিনৰ চুটি।
সকলো বেটেলিয়নৰ জোৱানৰ এমাহ চুটি বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোৱাৰ্টাৰত থকাসকলে পাব ১০ দিনৰ চুটি।
আজি অসম বিধানসভাত আৰক্ষীৰ আধুনিকীকৰণক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘অৱসৰপ্ৰাপ্ত ASI, যিসকল ৬০-৬৫ বছৰৰ, তেওঁলোকক পুনৰ চাকৰিলৈ আনিবলৈ মই যোৱা কালি নিৰ্দেশ দিছো৷ তেওঁলোকে গোচৰবোৰৰ তদন্ত কৰি অভিযোগনামা দাখিলৰ কাম কৰিব।’’
মুখ্যমন্ত্ৰীয়ে সদনত কয়, ‘‘আৰক্ষীৰ অপাৰেচন উয়িং বেলেগ হ'ব ৷ আইন-শৃংখলাৰৰ উয়িংটো বেলেগ হ'ব। মৈত্ৰী আঁচনিৰে ৩১৯খন আৰক্ষী থানাকেই সজাই তোলা হ'ব।’’
‘‘অসমত ১০টা কামাণ্ডো বেটেলিয়নৰ ফ’ৰ্চ অনা হ’ব। দুৰ্গম অঞ্চলত যাব এই কামাণ্ডো বেটেলিয়ানৰ দল। বিশেষকৈ সীমান্ত অঞ্চলত মোতায়েন কৰা হ’ব এই কামাণ্ডো বেটেলিয়নসকলক।’’ – সদনত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
‘‘সকলো এছ আইয়ে সকলো পেণ্ডিং কেচৰ শ্বাৰ্জশ্বিট দিব লাগে। দিছপূৰ থানাত ১৩,০০০ গোচৰ পৰি আছে, তাৰে ৪ হাজাৰ কেচ দল-সংগঠনৰ। আৰক্ষীৰ ডিউটি ৮ৰ সলনি ৫ ঘণ্টা কৰা হ’ব। অহা ডেৰ বছৰত এয়া সম্পন্ন হ’ব।’’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।
সকলো বেটেলিয়নৰ জোৱানৰ এমাহ চুটি বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোৱাৰ্টাৰত থকাসকলে পাব ১০ দিনৰ চুটি।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|