সদনৰ মজিয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, ‘‘২৩ লাখ নিযুক্তি দিম বুলি কৈ এতিয়া এক লাখকে দিব নোৱাৰে৷ BJP ফাঁকিৰ চৰকাৰ৷’’
সদনৰ মজিয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, ‘‘২৩ লাখ নিযুক্তি দিম বুলি কৈ এতিয়া এক লাখকে দিব নোৱাৰে৷ BJP ফাঁকিৰ চৰকাৰ৷’’
পঞ্চদশ বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ষষ্ঠ দিন। ষষ্ঠ দিনা মূল্যবৃদ্ধিক লৈ সৰৱ হৈ পৰে বিৰোধী। ভৰত নৰহে কয়, ‘‘আশংকা কৰাৰ ধৰণেই বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। উত্তৰ প্ৰদেশকে ধৰি আন ৰাজ্যৰ নিৰ্বাচন যোৱাৰ পিছত LPG, বিদ্যুৎ আদিৰ মূল্যবৃদ্ধি কৰিলে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি সদনত বিদ্যুৎ পৰিষদ লাভজনক স্থিতিত থকা বুলি কৈছিল। কিন্তু, বিদ্যুৎ পৰিষদৰ অধ্যক্ষই প্ৰকৃত সত্য উন্মোচন কৰিলে।
ইফালে, কমলাক্ষ দে পুৰকায়স্থই কয়, চৰকাৰে কৰা সকলো ঘোষণা প্ৰকৃততে অসাৰ প্ৰতিপন্ন হৈছে। পেট্ৰ’লজাত সামগ্ৰী, LPG, বিদ্যুতৰ মাচুল বৃদ্ধি, মূল্যবৃদ্ধি উদ্বেগজনক। সাধাৰণ ৰাইজ, গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোক যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব। কথা আৰু কামৰ মাজত মিল নাই চৰকাৰৰ।পৌৰসভাত বিজেপিক দিয়া ভোটৰ মূল্য দিছে মূল্যবৃদ্ধিৰে চৰকাৰে।
বিৰোধীক প্ৰত্যুত্তৰ দি শাসকীয় পক্ষৰ বিধায়ক দিগন্ত কলিতাই কয়, ‘‘মূল্যবৃদ্ধি হৈছে সেয়া আমি স্বীকাৰ কৰিছো। ৰাজ্যসভাৰ নিৰ্বাচন পাৰ হ'বলৈ দিয়ক, মুখ্যমন্ত্ৰীয়ে নিশ্চয় ব্যৱস্থা ল'ব। মুখ্যমন্ত্ৰীৰ ৯ মাহহে হৈছে, অলপ সময় দিয়ক। উৎপাদনশীলতা কমা নাই, বৰঞ্চ বৃদ্ধিহে পাইছে।’’
আনহাতে, আজি সদনত এক লাখ নিযুক্তিৰ প্ৰসংগত বিধায়ক আশ্ৰাফুল হুছেইনে উত্থাপন কৰে প্ৰশ্ন। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে কয়, ‘’এক লাখ নিযুক্তি আমি দিম৷ অতি সোনকালে আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিম।’’
ইফালে, সদনৰ মজিয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয়, ‘‘২৩ লাখ নিযুক্তি দিম বুলি কৈ এতিয়া এক লাখকে দিব নোৱাৰে৷ BJP ফাঁকিৰ চৰকাৰ৷ প্ৰধানমন্ত্ৰীয়ে মিছা কথা কয়৷ মুখ্যমন্ত্ৰীৰ কথা নকওঁ। BJP মিছলীয়া চৰকাৰ। প্ৰধানমন্ত্ৰী মিছলীয়া, মুখ্যমন্ত্ৰী মিছলীয়া।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|