অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথমটো দিন।
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথমটো দিন।
অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথমটো দিন। আজিৰ দিনটোতে সদনত উত্থাপন কৰা হয় ৫খনকৈ বিধেয়ক। মুখ্যমন্ত্ৰীয়ে প্ৰথমটো দিনত সদনত উত্থাপন কৰে গো-সুৰক্ষা বিধেয়ক ২০২১। সেইদৰে দ্যা বেংগল, আগ্ৰা এণ্ড আছাম চিভিল কোৰ্টছ বিল-২০২১ খনো উত্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ উপৰিও বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে দ্যা আছাম গুডচ এণ্ড চাৰ্ভিচ টেক্স(সংশোধিত) বিল-২০২১। আনহাতে গুৱাহাটী উন্নয়ন মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে দ্যা আছাম মিউনিচিপাল(সংশোধিত) বিল।
উল্লেখ্য যে, অসম বিধানসভাৰ চলিত অধিৱেশনত সৰ্বমুঠ ১৩ খন বিধেয়ক উত্থাপন কৰা হ'ব। ইফালে আজিৰ প্ৰথম দিনটোতে বিৰোধীয়ে উত্তাল কৰি তোলে সদন। মূল্যবৃদ্ধিৰ প্ৰসংগত বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ আনিছিল। কিন্তু অধ্যক্ষই অনুমতি নিদিয়াত সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলে। আনহাতে আজি অখিল গগৈয়েও চৰকাৰৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপিত কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|