ৰাজ্যত এতিয়া চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত সকলোতকৈ আগত আছে শাসকীয় বিজেপি। প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অতিম শ্বাহৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৱে দিন ৰাতি একাকাৰ কৰি দলীয় প্ৰাৰ্থীৰ হৈ চলাইছে প্ৰচাৰ অভিযান। পিছ পৰি থকা নাই জনপ্ৰিয় অভিনেতা তথা ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰাও।
শুকুৰবাৰে অভিনেতা যতীন বৰাই ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী ড০ অমিয় কুমাৰ ভূঞাৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। সমষ্টিটোৰ বহুকেইখন গাঁৱত উপস্থিত হৈ ভোট ভিক্ষা কৰে অভিনেতা যতীনে। প্ৰায় শতাধিক দলীয় কৰ্মী, শুভাকাংক্ষীক লগত লৈ বৰবালি,পথালিপাহাৰ আদি অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে গীত, ছবিৰ সংলাপ আঁওৰাই সমষ্টিটোৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে অভিনেতাগৰাকীয়ে।
প্ৰচাৰৰ মাজতে 'পদুমৰ পাঁহি পাঁহি, ভোট দিবা হাঁহি হাঁহি, ভোট দিবা কেনেকৈ পদুম ফুলত চাপ মাৰি' শীৰ্ষক এফাঁকি কবিতা আবৃত্তি কৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰাৰ লগতে বিজেপি প্ৰাৰ্থী ড.অমিয় কুমাৰ ভূঞাক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনাই যতীন বৰাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|