মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam-Assembly: বৰছলাত বাঘ মেকুৰিৰ নিৰ্বাচনী যুঁজ! নিজকে বাঘৰ লগত তুলনা কৰি আৰ পি শৰ্মাই মেকুৰি সঁজালে কাক?

Assam-Assembly: বৰছলাত বাঘ মেকুৰিৰ নিৰ্বাচনী যুঁজ! নিজকে বাঘৰ লগত তুলনা কৰি আৰ পি শৰ্মাই মেকুৰি সঁজালে কাক?

সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনামত থকা বহুবল্কি প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ বৰছলাৰ প্ৰাৰ্থী ৰামপ্ৰসাদ শৰ্মাই কাক মেকুৰিৰ সৈতে তুলনা কৰিলে?

  • Share this:
প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত এতিয়া বৃদ্ধি পাইছে নেতাৰ মাজত বাকযুদ্ধ। প্ৰতিটো সমষ্টিতে ক্ৰমাৎ উত্তপ্ত হৈছে নিৰ্বাচনী বতাহ। বাঢ়িছে নেতাৰ মুখ চুপতি। এইবাৰ বৰছলাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মাৰ মুখত শুনা গ'ল বাঘ আৰু মেকুৰিৰ প্ৰসংগ।

নিজকে বাঘৰ লগত তুলনা কৰি আৰ পি শৰ্মাই সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী গণেশ লিম্বুক মেকৃুৰি বুলি অভিহিত কৰে। আৰ পিৰ মতে, এইবাৰ নিৰ্বাচনত মেকুৰি পৰাস্ত হোৱাৰ বিপৰীতে বাঘ জয়ী হ'ব।

আনহাতে নিজকে বাঘৰ লগত কিয় তুলনা কৰিলে, তাৰো বৰ্ণনা দিয়ে আৰ পি শৰ্মাই। আৰ পি শৰ্মাই কোৱা মতে, তেওঁ বাঘৰ দৰে গুজৰিব পাৰে। গতিকে আৰ পি শৰ্মাৰ কথা সকলোৱে শুনে। কিন্তু গণেশ লিম্বুৰ মাত কোনেও শুনিবলৈ নাপায়। কোনো সমস্যাক লৈয়ে মাত নামাতে গণেশ লিম্বুৱে। সেয়েহে তেওঁ মেকুৰি।

আনহাতে হাগ্ৰামা মহিলাৰী বড়োৰ টাইগাৰ আৰু নিজকে গোৰ্খাৰ টাইগাৰ বুলি উল্লেখ কৰি দুই টাইগাৰ লগ হৈ এইবাৰ বিজেপিক গিলি পেলোৱা হ'ব বুলি উল্লেখ কৰে আৰ পি শৰ্মাই।

শেহতীয়া বাতৰি