ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিজেপিয়ে আৰম্ভ কৰিছে আগ্ৰাসী প্ৰচাৰ অভিযান। দেওবাৰৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৃথকে পৃথকে নিৰ্বাচনী প্ৰচাৰ চলায়।
মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। ভাষণ আৰম্ভ কৰাৰ পূৰ্বে সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই বুলি মন্তব্য কৰে। লগতে অসমৰ পৰা বিদেশী বহিষ্কাৰৰ লগতে বানপানী সমস্যাৰ স্থায়ী সমাধান বাবে অসমবাসীৰ পৰা আৰু পাঁচ বছৰ বিচাৰে অমিত শ্বাহে।
সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে। কংগ্ৰেছ আৰু AIUDFক মোগলৰ সৈতে তুলনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমে মোগলৰ নামত আৰু চৰকাৰ গঠন কৰিব নিদিয়ে। মোগলক ১৭ বাৰ হৰুৱালে আৰু এবাৰ হৰুৱাম। বিজেপিয়ে পাঁচ বছৰত দহ লাখ লোকৰ জীৱিকাৰ পথ মুকলি কৰি দিব।প্ৰথম এটা বছৰত ১ লাখ চাকৰি দিম। আধুনিক পদ্ধতিৰে পুনৰ মাৰ্ঘেৰিটাত কয়লাৰ খনন কাৰ্য্য চলাব।জাগুনত এখন ডিগ্ৰী কলেজ স্থাপন কৰিম। ডিহিং পাটকাই ক্ৰীড়া প্ৰকল্পৰ স্থাপন কৰিব।'
ইফালে ভাস্কৰ শৰ্মাৰ হৈ ভোট ভিক্ষা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, 'মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক ডেৰ লাখ ভোটত জয়যুক্ত কৰিব লাগিব। দুৰ্নীতি মুক্ত অসম আমি গঢ়িলো। অসমত এতিয়া কোনো দুৰ্নীতি নাই। ৰাইজৰ ধন আমি আত্মসাৎ কৰা নাই।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|