৩১ আগষ্টৰ পৰা আৰম্ভ হ’বনে বিধানসভাৰ অধিৱেশন? সচিবালয়ৰ ১১ কৰ্মচাৰীৰ দেহত কোৰোণা ধৰা পৰাৰ পিছতে আতংক

News18 Assam | News18-Assam
Updated:August 6, 2020, 8:51 PM IST
৩১ আগষ্টৰ পৰা আৰম্ভ হ’বনে বিধানসভাৰ অধিৱেশন? সচিবালয়ৰ ১১ কৰ্মচাৰীৰ দেহত কোৰোণা ধৰা পৰাৰ পিছতে আতংক
৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশন। কিন্তু অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিধান সভা সচিবালয়ত সৃষ্টি হৈছে কোৰোণাৰ আতংক।

৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশন। কিন্তু অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিধান সভা সচিবালয়ত সৃষ্টি হৈছে কোৰোণাৰ আতংক।

  • Share this:
৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশন। কিন্তু অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে বিধান সভা সচিবালয়ত সৃষ্টি হৈছে কোৰোণাৰ আতংক। গনেশগুৰিস্থিত অসম বিধান সভা সচিবালয়ৰ ১১ গৰাকী কৰ্মচাৰীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে।

সোমবাৰৰ পৰা অসম বিধান সভা সচিবালয়ৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভৱনত বিধান সভা সচিবালয়ৰ কৰ্মচাৰী সকলৰ কোভিড১৯ৰ ৰেপিড এণ্টিজেন টেষ্ট কৰি থকা হৈছে। আৰু এণ্টিজেন টেষ্টতে ১১ গৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোৰোণা।
বিধান সভা সচিবালয়ৰ সুত্ৰৰ পৰা জানিব  পৰা মতে, অতি গুৰুত্বপূৰ্ণ এই সচিবালয়ৰ

কৰ্মচাৰী সকল ক্ৰমে বসন্ত বৈশ্য, ৰূপম দেউৰী, নিকুঞ্জ দাস, অৰূপ বৰ্মন, ৰমেন দাস, জগন্নাথ শৰ্মা, হেমেন বৰুৱা, ধৰনী কলিতা, উৎপল তালুকদাৰ।বৰ্তমান আটাইকেইজন পজিটিভ ৰোগীকে কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ যোৱা হৈছে।

ইফালে ৩১ আগষ্টত অসম বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশন অনুষ্ঠিত হব’। তাৰ প্ৰাকমুহূৰ্তত ১১ গৰাকীকৈ কৰ্মচাৰীৰ দেহত কোৰোণা পজিটিভ পোৱাত অধিক চিন্তিত হৈছে সচিবালয়ৰ অন্যান্য কৰ্মচাৰী সকল। এই মুহূৰ্তত অৱশ্যে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী আৰু উপাধাক্ষ আমিনুল হক লস্কৰ নিজ নিজ সমষ্টিত ব্যস্ত আছে।
Published by: Himangshu Bhuyan
First published: August 6, 2020, 8:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading