মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সদনত অধ্যক্ষ বনাম বিৰোধী! বিৰোধীৰ প্ৰতিবাদত অচল বিধানসভা...শেষত অধ্যক্ষই ক'লে, 'মই অসমীয়া বেছি নাজানো'

সদনত অধ্যক্ষ বনাম বিৰোধী! বিৰোধীৰ প্ৰতিবাদত অচল বিধানসভা...শেষত অধ্যক্ষই ক'লে, 'মই অসমীয়া বেছি নাজানো'

News18 Assam | News18-Assam
Updated:August 5, 2021, 4:08 PM IST
সদনত অধ্যক্ষ বনাম বিৰোধী! বিৰোধীৰ প্ৰতিবাদত অচল বিধানসভা...শেষত অধ্যক্ষই ক'লে, 'মই অসমীয়া বেছি নাজানো'
বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভা। সদনত অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী শিৱিৰে।

বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভা। সদনত অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী শিৱিৰে।

  • Share this:
বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে অসম বিধানসভা। সদনত অধ্যক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধী শিৱিৰে। অধ্যক্ষই বিৰোধী শিৱিৰৰ সদস্যসকলক উগ্ৰপন্থীৰ সৈতে তুলনা কৰাৰ অভিযোগ উত্থাপন কৰি সৰব হৈ পৰে বিৰোধী শিৱিৰ। আনকি মজিয়াত বহি দিয়ে কংগ্ৰেছৰ বিধায়ক কমলেক্ষ দেৱ পুৰকায়স্থ। প্ৰতিবাদে এনে ৰূপ পাই গৈ যে, অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কংগ্ৰেছৰ দুই বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কমলেক্ষ দেৱ পুৰকায়স্থক সদনৰ পৰা বহিষ্কাৰ কৰে। তাৰ মাজতে সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলেও।

এই সন্দৰ্ভত অধ্যক্ষই কয় যে, 'উগ্ৰপন্থী আৰু আমাৰ মাজত পাৰ্থক্য কি? ভদ্ৰভাৱে আমি সদনত কিয় কথা ক'ব নোৱাৰো? উগ্ৰপন্থী কোনো বেয়া শব্দ নহয় ৷ উগ্ৰক পন্থা হিচাপে যি ব্যৱহাৰ কৰে সেয়াই উগ্ৰপন্থী ৷ আমাৰ ব্যৱহাৰ উগ্ৰ হৈছে ৷'

লগে লগে বিৰোধী দলপতিৰ প্ৰত্যুত্তৰ-  'উগ্ৰপন্থী শব্দটো সন্ত্ৰাসবাদী সমাৰ্থক শব্দ। উগ্ৰপন্থীয়ে গণতন্ত্ৰক বিশ্বাস নকৰে। গতিকে শব্দটো প্ৰত্যাহাৰ কৰক।'

ইয়াৰ পিছতে উগ্ৰপন্থী শব্দ প্ৰত্যাহাৰ কৰিবলৈ অধ্যক্ষক দাবী জনাই বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয় যে,  'আপুনি এই শব্দ সদনত ব্যৱহাৰ কৰিব নোৱাৰে ৷আপুনি বিচাৰিলে এই বিষয়ত আলোচনা কৰক। ৰাইজে চাই আছে।'

লগে লগে অখিলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে অধ্যক্ষ দৈমাৰীয়ে।  'অসমত বহু আন্দোলনকাৰী আছে ৷ অখিলৰ আন্দোলনো বেছি উগ্ৰ। এনেদৰে ব্যৱহাৰ কৰিলে কৰি থাকক।'

ইয়াৰ পিছতে অধ্যক্ষৰ সমৰ্থনত থিয় হয় শাসকীয় পক্ষৰ বিধায়কসকল।

সেই সময়তে আকৌ অধ্যক্ষই কলে-  'শব্দটো বুজাত খেলিমেলি হৈছে ৷ উগ্ৰপন্থী শব্দটো তুলনাহে কৰিছো।'

ইয়াৰ পিছতে সদনৰ মজিয়াত বহি দিয়ে কংগ্ৰেছী বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ আৰু জাকিৰ হুছেইনৰ শিকদাৰ।

অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ পুনৰ বুজনি, উগ্ৰপন্থী মানে কি? -'আমি তামোল কাটিবলৈ নাপালে যদি দৰ্জাৰ ফাকত ভৰাই তামোল ফালো তেন্তে সেইয়া উগ্ৰবাদ, যদি কাটাৰী নাপাই তামোল দলিয়াই পেলাই দিও সেইয়া সন্ত্ৰাসবাদ, কাৰণ দলিয়াই পেলাই দিলে কাৰ মূৰ ফালি তেজ ওলাই ঠিক নাই।'

এইবাৰ বিৰোধীক বুজাবলৈ থিয় হয় বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা। সেইসময়তে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দাবী-'শব্দটোক লৈ ৰুলিং দিয়ক। উগ্ৰপন্থী কাক কয়? কিয় ব্যৱহাৰ কৰিব ৷ তুলনা কৰিব? অসমত উগ্ৰপন্থী বুলিলে কি বুজাই? সেয়ে আমি বিচাৰিছো যে, উগ্ৰপন্থী শব্দটো প্ৰত্যাহাৰ কৰক।'

এইবাৰ আসনৰ পৰা উঠি ৰকিবুল হুছেইনে কয় যে,'সদনত চোৰ, মিছলীয়া শব্দই ক'বই নোৱাৰে ৷ তাতে উগ্ৰপন্থী কিয় ব্যৱহাৰ কৰিব? বিনম্ৰভাবে অনুৰোধ কৰিছো যে, সদন সুস্থভাৱে চলাৰ বাবে উগ্ৰপন্থী শব্দটো উঠাই লওক।'

এইবাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে পুনৰ স্পষ্টীকৰণ দিয়ে- 'কথাবোৰ বুজোৱাত ভুল হৈছে।
ট্ৰাইবেল মানুহ ৷ শব্দটো বুজোৱাত খেলিমেলি হৈছে ৷ মই বেছি শব্দও নাজানো।মই অসমীয়া বেছি নাজানো। মই ব্যক্তিগত ভাৱো যে উগ্ৰপন্থী শব্দটো বেয়া নহয় বুলি ভাবো ৷ মই কৈছিলো যে, আমাৰ ব্যৱহাৰ উগ্ৰপন্থীতকৈ বেয়া বুলিহে কৈছিলো ৷ উগ্ৰপন্থী শব্দটো প্ৰত্যাহাৰ কৰিছো।'
Published by: Himangshu Bhuyan
First published: August 5, 2021, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি