মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমসহ পাঁচখন ৰাজ্যলৈ কেন্দ্ৰৰ বৃহত্‍ বান সাহায্য, গৃহমন্ত্ৰী অমিত শ্বাহে জনালে অনুমোদন

অসমসহ পাঁচখন ৰাজ্যলৈ কেন্দ্ৰৰ বৃহত্‍ বান সাহায্য, গৃহমন্ত্ৰী অমিত শ্বাহে জনালে অনুমোদন

File Photo

File Photo

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বৃহত্‍ অনুদান

  • Share this:
নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে বৃহত্‍ অনুদান। এখন উচ্চ স্তৰীয় কমিটীৰ সৈতে হোৱা বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ সৰ্বমুঠ  পাঁচখন ৰাজ্যলৈ ১,৭৫১.০৫ কোটি টকাৰ বান সাহায্যত অনুমোদন জনায়।

যোৱা বছৰ বান-গৰাখহনীয়াই জুৰুলা কৰা অসম, অৰুণাচল প্ৰদেশ, উৰিষ্যা, তেলেংগানা আৰু উত্তৰ প্ৰদেশে লাভ কৰিব এই ধন ৰাশি। ইয়াৰে ভিতৰত অসমলৈ ৪৩৭.১৫ কোটি টকা আগবঢ়োৱা হ'ব। সেইদৰে অৰুণাচল প্ৰদেশলৈ ৭৫.৮৬ কোটি টকা, উৰিষ্যালৈ ৩২০.৯৬ কোটি টকা, তেলেংগানালৈ ২৪৫.৯৬ কোটি টকা আৰু উত্তৰ প্ৰদেশলৈ ৩৮৬.০৬ কোটি টকা আগবঢ়োৱা হ'ব।

শেহতীয়া বাতৰি