• Home
  • »
  • News
  • »
  • assam
  • »
  • অৰুণাচলৰ গোপনে আগ্ৰাসন অসমৰ মাটিত ! চৰাইদেউ জিলাৰ নাহৰণিত নিৰ্মাণ কৰিলে অৰুণাচল আৰক্ষীৰ পকী চেকগেট ...

অৰুণাচলৰ গোপনে আগ্ৰাসন অসমৰ মাটিত ! চৰাইদেউ জিলাৰ নাহৰণিত নিৰ্মাণ কৰিলে অৰুণাচল আৰক্ষীৰ পকী চেকগেট ...

অসম অৰুণাচলৰ আলোচনাৰ মাজতে অৰুণাচলৰ গোপনে  আগ্ৰাসন অসমৰ মাটিত। চৰাইদেউ জিলাৰ নাহৰণিত নিৰ্মাণ কৰিলে অৰুণাচল আৰক্ষীৰ পকী চেকগেট।

অসম অৰুণাচলৰ আলোচনাৰ মাজতে অৰুণাচলৰ গোপনে  আগ্ৰাসন অসমৰ মাটিত। চৰাইদেউ জিলাৰ নাহৰণিত নিৰ্মাণ কৰিলে অৰুণাচল আৰক্ষীৰ পকী চেকগেট।

অসম অৰুণাচলৰ আলোচনাৰ মাজতে অৰুণাচলৰ গোপনে  আগ্ৰাসন অসমৰ মাটিত। চৰাইদেউ জিলাৰ নাহৰণিত নিৰ্মাণ কৰিলে অৰুণাচল আৰক্ষীৰ পকী চেকগেট।

  • Share this:
চৰাইদেউ জিলাৰ অসম অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমান্তত News18ৰ কেমেৰাত বন্দী অৰুণাচল প্ৰদেশৰ ভয়ংকৰ আগ্ৰাসনৰ দৃশ্য। কেমেৰাত আৱদ্ধ হল অসম আৰু অৰুণাচলৰ মাজত সীমা সমস্যাক লৈ দিল্লীৰ নিৰ্দেশত আলপ আলোচনা অব্যাহত থকাৰ সময়তে অসমৰ চুবুৰীয়া অৰুণাচল প্ৰদেশে কিদৰে অসমৰ মাটি দখল কৰিবলৈ তৎপৰ হৈ পৰিছে তাৰ ব্লু-প্ৰিণ্ট।

অসম আৰু অৰুণাচলৰ মাজত দ্বিপাক্ষিক বৈঠক অব্যাহত থকাৰ সময়তে চৰাইদেউ জিলাত বুজন পৰিমাণৰ মাটি কালি বেদখল কৰি অসমৰ ভূমি অৰুণাচলৰ বুলি অৰুণাচলে দাবী কৰি থকাৰ সময়তে চৰাইদেউৰ নাহৰণি অঞ্চলত স্হায়ীভাৱে নিৰ্মাণ কৰিলে অৰুণাচল আৰক্ষীৰ চেকগেট।অসমৰ চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চৰাইপুং অঞ্চলৰ আন ক্লাছ ফৰেষ্ট লেণ্ডৰ প্ৰায় ২৪০০ হেক্টৰ মাটিকালি বেদখল কৰি হাচিৰোচা, নাহৰণি,অচিন বস্তি,কামকু,টাংলাম নামেৰে পাচঁখন অৰুণাচলী গাঁও স্হাপন কৰাৰ সমান্তৰালভাৱে এইসকল অৰুণাচলীৰ যাতায়াত সুচল হোৱাকৈ অৰুণাচল চৰকাৰে অসমৰ মাটিতে বৃহৎ বহৎ পাহাৰ কাটি নিৰ্মাণ কৰিছে হাইৱে। অসমৰ মাটিত অৰুণাচলী লোকে স্থায়ীভাৱে ঘৰ সাজি বসবাস কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ ওপৰিও অৰুণাচল প্ৰদেশৰ প্ৰশাসনে অসমৰ মাটিত সাজি দিছে শিক্ষানুষ্ঠান। চৰাইদেউ জিলাৰ চৰাইপুঙৰ বৃহৎ অংশ মাটি অৰুণাচল প্ৰদেশৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি শিক্ষানুষ্ঠান,গীৰ্জা, বিদ্যুৎ সংযোগ, ৰাস্তাঘাট নিৰ্মাণৰ লগতে অসমৰ মাটিত সংস্থাপিত কৰিছে অৰুণাচল প্ৰদেশৰ চৰকাৰী গাঁওবুঢ়াক।  তাৰ পিছতো কিন্তু নীৰৱ দৰ্শক অসমৰ প্ৰশাসন। ১৯৬২ চনৰ চাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপ অনুসৰি চৰাইপুং অঞ্চলত অবিভক্ত শিৱসাগৰ আৰু নেফাৰ (বৰ্তমান অৰুণাচল) সীমা টিয়ক নদীখনকেই নিৰ্ধাৰণ কৰিছিল। আনহাতে ১৯৭২ চনত পৃথক ৰাজ্যৰ মৰ্যাদা পোৱাৰ পাছতো ১৯৬২ ছাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপকে মানি লয় অৰুণাচল প্ৰদেশৰ প্ৰশাসনে। কিন্তু শেহতীয়াকৈ কিছু বছৰৰ পৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আৰু অৰুণাচলীৰ সহযোগত অসম -অৰুণাচল আন্ত:ৰাজ্যিক সীমা টিয়ক নদী পাৰ হৈ প্ৰায় সাত কিলোমিটাৰ অতিক্ৰম কৰি লাহদৈগড়টোকহে অসম অৰুণাচল প্ৰদেশৰ সীমা বুলি দাবী কৰি অসমৰ চৰাইপুং অঞ্চলৰ বৃহৎ পৰিমাণৰ মাটি দখল কৰাৰ সমান্তৰাল ভাবে আলোচনাৰ মাজতে এইদৰে অসমৰ ভূখণ্ডত অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ স্হায়ী চেকগেট নিৰ্মাণ কৰাত সমগ্ৰ চৰাইদেউ জিলা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।বিষয়টোৰ সন্দৰ্ভত সীমান্ত বাসীয়ে ইতিমধ্যে অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰদান কৰিছে চৰাইদেউ জিলা উপাযুক্তক।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি