প্ৰতিবাদকাৰীক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জুবিনৰ
প্ৰতিবাদকাৰীক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জুবিনৰ
ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। শিল্পী সমাজ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত শুকুৰবাৰ আৰু শনিবাৰে CAA ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ পিছত অহা ১৫ ডিচেম্বৰত ৰাজ্যৰ শিল্পীসমাজে গীত, কবিতা, নাটক, ছবিৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ। দেওবাৰে দিনৰ ১১ বজাৰ পৰা চানমাৰি খেলপথাৰত আৰম্ভ হ’ব এই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী।
এই সম্পৰ্কে জুবিন গাৰ্গে সংবাদমেল সম্বোধন কৰি প্ৰতিবাদকাৰীক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়। দীঘলীয়া প্ৰতিবাদী কাৰ্যসূচী সন্ধিয়া ৫ বজাত সমাপ্ত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে উক্ত সংবাদমেলতে।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|