বিজেপিৰ ITচেলক প্ৰত্যাহ্বান শিল্পী সমাজৰ, সংবাদমেল পাতি জুবিন, মানস, ৰবি, বৰষাৰ হুংকাৰ

News18 Assam | News18-Assam
Updated:February 6, 2020, 2:52 PM IST
বিজেপিৰ ITচেলক প্ৰত্যাহ্বান শিল্পী সমাজৰ, সংবাদমেল পাতি জুবিন, মানস, ৰবি, বৰষাৰ হুংকাৰ
ৰাজ্যৰ শিল্পীসমাজে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত লৈছে গুৰুত্বপূৰ্ণ ভুমিকা।

ৰাজ্যৰ শিল্পীসমাজে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত লৈছে গুৰুত্বপূৰ্ণ ভুমিকা।

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ শিল্পীসমাজে আন্দোলনত লৈছে গুৰুত্বপূৰ্ণ ভুমিকা। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে ৰাজপথত নামিছে জুবিন গাৰ্গ, বৰষাৰাণী বিষয়া, মানস ৰবীন, ৰবি শৰ্মাকে ধৰি বহু তাৰকা। বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি জুবিন, মানস, ৰবি, বৰষাৰ হুংকাৰ। বিজেপিৰ আই টি চেলক প্ৰত্যাহ্বান জনাবলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমাজে আৰম্ভ কৰিছে এটা ৱেবচাইট। নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত চলা বিভিন্ন অপপ্ৰচাৰ ৰোধ কৰিবলৈ এই ৱেবচাইট প্ৰস্তুত কৰা হৈছে। ৱেবচাইটো হৈছে www.assamagainstcaa.in।

  • সংবাদমেলত বৰষাৰাণী বিষয়াই কয় যে, ‘CAB আৰু CAAক লৈ অসমত হোৱা প্ৰতিবাদ সুকীয়া। অসমে কিয় বিৰোধিতা কৰিছে সকলো তথ্য উপলব্ধ হ'ব এই ৱেবচাইটত। CAAৰ বিৰোধিতাৰে অসমৰ বিভিন্ন প্ৰান্তত যেনেধৰণে প্ৰতিবাদ হ'ব সেই ফ'টো, ভিডিঅ সকলো উপলব্ধ হ'ব ৱেবচাইটত। এয়া কেৱল শিল্পীসকলৰ ৱেবছাইট নহয়, আমি উদ্যোগহে লৈছো।’


  • অভিনেতা ৰবি শৰ্মাই কয় যে, ‘অসমীয়া মানুহবোৰে সোনকালে সকলো পাহৰি যাও । এতিয়া যেতিয়াই বিচাৰিব সকলো তথ্যপাতি মানুহে চাব পাৰিব। CAAৰ বিৰোধিতা কৰা সকলোকে ৱেবছাইটযোগে নাম পঞ্জীয়ন কৰাৰ আহ্বান। কিমানে কা বিৰোধিতা কৰিছে সেয়াও তেতিয়া স্পষ্ট হ'ব। অসমৰ বিভিন্ন বুদ্ধিজীৱী, নাগৰিক সকলো একত্ৰিত হ'ব পাৰিব এই প্লেটফৰ্মযোগে।’

  • জুবিন গাৰ্গে কয় যে, ‘২১ত বিকল্প কি হ'ব সেয়া ক'বলৈ এতিয়া অসুবিধা। সঠিক সময়ত ৰাইজে সিদ্ধান্ত ল'ব। এতিয়া কথা হ'ল কা বাতিল কৰিব লাগে। খেল হ'ব, ফিল্মফেয়াৰ হ'ব; সেয়া বেলেগ বিষয়।’

  • মানস ৰবীনে কয় যে, ‘ পঞ্জীয়ন কৰিলেহে গম পোৱা যাব কা বিৰোধিতা কৰাসকলৰ সংখ্যা। অসমৰ প্ৰান্তে প্ৰান্তে বহু অচিন লোকেও বিৰোধিতা কৰিছে 'কা'ৰ। এতিয়া তেওঁলোক ৱেবছাইটযোগে সকলো গম পাব, একত্ৰিত হব পাৰিব।  প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আজিও আমি বিৰোধিতা কৰোঁ। য'ত য'ত হোৱা নাই প্ৰতিবাদ তেওলোককো একত্ৰিত কৰা হ'ব । ৱেবছাইটৰ জৰিয়তে এতিয়া যোগসূত্ৰ স্থাপন হ'ব সকলোৰে সৈতে। কা বিৰোধী আন্দোলন এতিয়া আৰু অধিক তীব্ৰতৰ হ'ব। ফিল্মফেয়াৰক লৈ পূৰ্বৰ স্থিতিতে মই অটল আছো। পৰ্যটন উদ্যোগতো ভাল হব লাগে।কিন্তু মই ফিল্মফেয়াৰত সহযোগ নকৰো। দেশ বিদেশত থকা সমূহ অসমীয়া ৰাইজক পঞ্জীয়ন কৰাৰ আহ্বান।’

Published by: Himangshu Bhuyan
First published: February 6, 2020, 2:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading