কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰী পূঁজিলৈ এদিনৰ দৰমহা আগবঢ়ালে GMDAৰ বিষয়া-কৰ্মচাৰীয়ে

News18 Assam | News18-Assam
Updated:April 7, 2020, 8:41 PM IST
কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰী পূঁজিলৈ এদিনৰ দৰমহা আগবঢ়ালে GMDAৰ বিষয়া-কৰ্মচাৰীয়ে
অসম আৰোগ্য নিধিলৈ বিভিন্নজনৰ বৰঙণি অব্যাহত।

অসম আৰোগ্য নিধিলৈ বিভিন্নজনৰ বৰঙণি অব্যাহত।

  • Share this:
বিশ্ব তথা দেশত ত্ৰাসৰ সৃষ্টি কৰা কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰৰ অসম আৰোগ্য নিধিলৈ বিভিন্নজন সুধীয়ে বৰঙণি আগবঢ়াইছে। শিল্পী–প্ৰতিষ্ঠিত ব্যক্তিৰ পৰা বিভিন্নজনে ব্যক্তিগতভাৱে এই পূঁজিলৈ বৰঙণি আগবঢ়োৱাৰ লগতে বহু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানেও কোৰোণাক সৈতে যুঁজিবলৈ চৰকাৰক আৰ্থিক সাহায্য প্ৰদান কৰিছে।

GMDAৰ সমূহ বিষয়া–কৰ্মচাৰীৰ এদিনৰ দৰমহা সৰ্বমুঠ ১লাখ ৭২হাজাৰ ৮৪৬টকা প্ৰদান কৰা হয় আৰোগ্য নিধিলৈ।


এই যুঁজলৈ সমৰ্থন আগবঢ়াই গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ(GMDA)ৰ বিষয়া-কৰ্মচাৰীসকলেও সোমবাৰে অসম আৰোগ্য নিধিলৈ আগবঢ়ালে এদিনৰ দৰমহা। সকলো বিষয়া-কৰ্মচাৰীৰ এদিনৰ দৰমহা প্ৰায় ১,৭২৮৪৬ টকা অসম আৰোগ্য নিধিত জমা কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে। উল্লেখ্য যে, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত প্ৰকাশ কৰা মতে অসম আৰোগ্য নিধিলৈ এই ধৰণৰ দান বৰঙণিৰ বাবে পূঁজিত প্ৰায় ১৭কোটি টকা এইপৰ্যন্ত জমা হৈছে।
Published by: Tulika Devi
First published: April 7, 2020, 8:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি