ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ সময়তে এক দুখৰ খবৰ। দুৰ্গোৎসৱৰ উলহ–মালহ চলি থকাৰ সময়তে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ সুদূৰ দিল্লীত কৰ্মৰত এগৰাকী সেনা জোৱানে অকাল মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ গোসাঁইগাঁও অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।
ঘটনাৰ বিৱৰণী অনুসৰি, কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ মিলন বজাৰ ভিচিডিচিৰ অন্তৰ্গত মোৱামাৰী বৰ্মনপাৰাৰ প্ৰয়াত ননী গোপাল বৰ্মন আৰু তাৰা বৰ্মনৰ পুত্ৰ সেনা জোৱান স্বপন বৰ্মনৰ (৩৩) যোৱা ৮ অক্টোবৰত কৰ্মস্থলী দিল্লীত শুই থকা অৱস্থাতে মৃত্যুমুখত পৰে।
স্বপনে ৮ অক্টোবৰৰ পুৱালৈকে বিছনাৰ পৰা উঠি নহা দেখি সতীৰ্থসকলে গৈ জগাবলৈ লওঁতে স্বপনৰ মৃত্যুৰ কথা পোহৰলৈ আহে৷ স্বপনৰ কিয় কেনেকৈ দিল্লীত মৃত্যু হ’ল সেয়া স্পষ্টভাৱে জানিব পৰা হোৱা নাই যদিও শুই থকা অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷
উল্লেখ্য, স্বপনে কিছুদিন পূৰ্বে পত্নীক ফোনযোগে জনাইছিল যে পূজাৰ বাবে ছুটী লৈ ঘৰলৈ আহিব। দিল্লীৰ পৰা ঘৰলৈ অহাৰ বাবে ৰে'লৰ টিকটো বুকিং কৰিছিল তেওঁ। কথা আছিল পূজাৰ পিছত পৰিয়ালটোক দিল্লীতেই একেলগে ৰখাৰ। কিন্তু সেয়া নহ’লগৈ৷
বিগত ৮ অক্টোবৰত ঘৰলৈ আহিম বুলি কোৱা স্বপন কফিনৰ ভিতৰত এটি প্ৰাণহীন শৰীৰ হৈ কালি নিশা ঘৰ পায়হি। এই ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসীক বাকৰুদ্ধ কৰি পেলাইছে।
সৰুতে পিতৃহাৰা স্বপনক মাকে বহু কষ্টৰে তুলি-টালি ডাঙৰ-দীঘল কৰিছিল৷ তীব্ৰ আৰ্থিক অনাটনৰ মাজেদি মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত অমায়িক স্বপনে ভাৰতীয় সেনা বাহিনীৰ মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচত ২০১০ চনত যোগদান কৰিছিল।
কালি মৃতদেহ নিজ গৃহলৈ সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত অনাৰ পিছত গাঁওবাসীয়ে শেষ শ্ৰদ্বাঞ্জলি জনোৱাৰ অন্তত স্বপনৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ উল্লেখ্য যে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী স্বপনে মৃত্যুৰ সময়ত বৃদ্ধা মাতৃ, পত্নী আৰু এটি ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ লগতে বহুতো আত্মীয়–স্বজনক ইহসংসাৰত এৰি থৈ যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|