মুখ্যপৃষ্ঠা »খবৰ »অসম »সদ্য ঘোষিত APSC পৰীক্ষাৰ ফলাফলত ৬৬ নং স্থান দখল কৰি বিজনীলৈ গৌৰৱ কঢ়িয়াই আনিলে ইন্দ্ৰজিতে ...

সদ্য ঘোষিত APSC পৰীক্ষাৰ ফলাফলত ৬৬ নং স্থান দখল কৰি বিজনীলৈ গৌৰৱ কঢ়িয়াই আনিলে ইন্দ্ৰজিতে ...

বিজনীৰ এগৰাকী ৰিয়েল হিৰো।নাম ইন্দ্ৰজিৎ দাস। সদ্য ঘোষিত APSC পৰীক্ষাত ৬৬ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে বিজনীৰ অক্সিগুৰীৰ অতি দৰিদ্ৰ ক্ষুদ্ৰ খেতিয়কৰ পুত্ৰ ইন্দ্ৰজিৎ দাসে।

  • Share this:
বিজনীৰ এগৰাকী ৰিয়েল হিৰো।নাম ইন্দ্ৰজিৎ দাস। সদ্য ঘোষিত APSC পৰীক্ষাত ৬৬ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে বিজনীৰ অক্সিগুৰীৰ অতি দৰিদ্ৰ ক্ষুদ্ৰ খেতিয়কৰ পুত্ৰ ইন্দ্ৰজিৎ দাস।

অক্সিগুৰী নিবাসী কৃষক নৃপেন দাসৰ কনিষ্ঠ পুত্ৰ ইন্দ্ৰজিৎ দাসেই বিজনীৰ বৃহত্তৰ অক্সিগুৰী এলেকাত প্ৰথম গৰাকী উচ্চ পদস্থ বিষয়া হ'ব। ইন্দ্ৰজিত IIT বেনাৰসৰ পৰা ফার্মাচিউটিকেল ইঞ্জিনিয়াৰিংৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী।যাৰ সাফল্যত বিজনী মহকুমাত এক গৌৰৱ কঢ়িয়াই অনাৰ লগতে অক্সিগুৰী অঞ্চলত এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি পৰিলক্ষিত হৈছে।আজি পুৱাৰ ভাগত ইন্দ্ৰজিতে অক্সিগুৰীস্থিত স্বগৃহত উপস্থিত হোৱাত পৰিয়ালৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনোৱাৰ লগতে সমদল কৰি আদৰি আনে। ভাৰত - ভূটান সীমান্তৰ এই পিছপৰা অঞ্চলৰ বাসিন্দা ইন্দ্ৰজিতৰ সফলতাত আনন্দিত ৰাইজে আতজবাজী ফুটাই আনন্দ ফুৰ্তি কৰে ৷আজি এই উচপ মুখৰ পৰিবেশৰ মাজতে পৰিয়ালটোৰ কাষত উপস্থিত হয় বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনী জিলা ইউপিপিএলৰ সভাপতি ফণীন বড়ো।এই সাফল্যত অতি সুখী অনুভৱ কৰা বুলি মন্তব্য কৰাৰ লগতে পৰীক্ষা স্বচ্ছ আৰু নিকা হোৱা বুলি ইন্দ্ৰজিৎ দাসে কয়।সন্মুখত বাধা আহিলেও একাগ্ৰতাৰে আগবাঢ়িলে যিকোনো সাফল্য লাভ কৰিব পৰি বুলি উঠি অহা নৱ প্ৰজন্মক উৎসাহ যোগায়।

শেহতীয়া বাতৰি