২৫ বছৰৰ পিছত লাভৰ মুখ দেখিছে ৰাজ্যৰ পশুধন নিগমে

বিগত দুটা বছৰত অকাৰ্যক্ষম হৈ থকা কেইবাটাও প্ৰকল্প সম্পূৰ্ণ কৰিছে।

News18-Assam
Updated:August 28, 2019, 6:03 PM IST
২৫ বছৰৰ পিছত লাভৰ মুখ দেখিছে ৰাজ্যৰ পশুধন নিগমে
বিগত দুটা বছৰত অকাৰ্যক্ষম হৈ থকা কেইবাটাও প্ৰকল্প সম্পূৰ্ণ কৰিছে।
News18-Assam
Updated: August 28, 2019, 6:03 PM IST
ৰাজু বৰুৱা : ১৯৯৫ চনৰ পৰা লোকচানৰ সন্মুখীন হৈ অহা অসম পশুধন নিগমে ২৫ বছৰ পিছত লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। যোৱা ১৮-১৯ বিত্তীয় বৰ্ষত নিগমে ২৬ লাখ ৫৪ হাজাৰ টকা আয় কৰিবলৈ সক্ষম হয়। বিগত দুটা বছৰত অকাৰ্যক্ষম হৈ থকা কেইবাটাও প্ৰকল্প সম্পূৰ্ণ কৰিছে।

খানাপাৰাত প্ৰতিমাহে ৮ লাখ কুকুৰা পোৱালী উৎপাদন প্ৰকল্প, সোনাপুৰত প্ৰতিদিনে ৫০ মেট্ৰিক টন দানা প্ৰস্তুতকৰণ প্ৰকল্প, বিৰুবাৰীত প্ৰতিমাহে ৩ লাখ বতা চৰাই (কোৱেল) প্ৰজনন প্ৰকল্প কাৰ্যক্ষম কৰি তোলাৰ লগতে বিগত ১০ বছৰে নাজিৰাত অব্যৱহৃত হৈ থকা গাহৰিৰ মাংস সংশাধন প্ৰকল্পটো কাৰ্যক্ষম কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে নিগমে।

যোৱা ২টা বছৰত ১০ হাজাৰ শিক্ষিত নিবনুৱা যুৱক–যুৱতী আৰু পুৰুষ–মহিলাক কুঁকুৰা, হাঁহ, বতা চৰাই, গাহৰি, ছাগলী পালনৰ লগতে দুগ্ধ উৎপাদনৰ প্ৰশিক্ষণ দিছে নিগমে। ইয়াৰে ২৫০০ প্ৰশিক্ষাৰ্থীয়ে বেংকৰ জৰিয়তে ৰাজসাহায্য লাভ কৰি নিজকে আত্মনিৰ্ভৰশীল কৰিব পাৰিছে।

গুৱাহাটীৰ বিৰুবাৰী, উত্তৰ গুৱাহাটী আৰু কমলপুৰত তিনিটা নতুনকৈ বিক্ৰীকেন্দ্ৰৰ কাম আৰম্ভ কৰাৰ লগতে দহখন নতুনকৈ বিক্ৰী কেন্দ্ৰ বিভিন্ন জিলা সদৰত শীঘ্ৰে আৰম্ভ কৰিব নিগমে। বুধবাৰে পাঞ্জাবাৰীৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ক'লে – " নিগম গঠন হোৱা ৩৫ বছৰ ধৰি নিগমৰ বিষয়া কৰ্মচাৰীসকলৰ আৰ্জিত ছুটীৰ ধন আৰু অৱসৰকালীন পাৰিতোষিক দিয়াৰ ব্যৱস্থা নাছিল। মই দায়িত্ব লৈ বিষয়া কৰ্মচাৰীৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছো। ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে "ঘৰে ঘৰে ধন, পশুপালনে মন" শীৰ্ষক এক কাৰ্যসূচী শীঘ্ৰে আৰম্ভ কৰাৰ কথা ভাৱিছো৷"
আৰু চাওক পৰৱৰ্তী বাতৰি