আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে বৰ্তমান হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ গাহৰি পালকসকলৰ মাজত। নিতৌ আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে ৰাজ্যত মৃত্যু হৈছে শ শ গাহৰিৰ। বিশেষকৈ মধ্য অসমৰ নগাঁও আৰু মৰিগাঁও জিলাৰ গাহৰি পালকসকল ব্যাপক লোকচানৰ সন্মুখীন হৈছে।
নগাঁৱৰ গাহৰি পালক সকলে ৰাজ্যৰ পশুপালন বিভাগৰ পৰা কোনো সঁহাৰি নোপোৱাৰো অভিযোগ তুলিছে। তেওঁলোকৰ মতে, কেন্দ্ৰই আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে ১৩ কোটি টকা মোকোলাই দিছে যদিও ৰাজ্য চৰকাৰৰ পশুপালন বিভাগে গাহৰি পালকসকলক কোনোধৰণৰ ভেকচিন প্ৰদান কৰা নাই। পৰিপ্ৰেক্ষিতত নিতৌ মৃত্যু হৈছে শ শ গাহৰিৰ।
আনহাতে ভোগালী বিহু আৰু নৱবৰ্ষৰ ভোজত গাহৰি মাংসৰ ব্যাপক চাহিদা বৃদ্ধি পাই যদিও এইবাৰ ভোগালীত ৰাজ্যৰ গাহৰি পালকসকলে বজাৰত গাহৰি মাংসৰ যোগান ধৰিব নোৱাৰিব। ইয়াৰ বিপৰীতে পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা আমদানিকৃত গাহৰি মাংসই দখল কৰিব অসমৰ বজাৰ। ইতিমধ্যে গাহৰি মাংসৰ নাটনিৰ ফলত ৰাজ্যত বৃদ্ধি পাইছে গাহৰি মাংসৰ দাম। সেয়ে অতি শীঘ্ৰেই আফ্ৰিকান ছোৱাইন ফিভাৰৰ নিৰ্মূলৰ বাবে চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ গাহৰিপালক সকলে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 12, 2020, 20:49 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।