৫দিন ধাৰাষাৰ বৰষুণ দিব অসম আৰু উত্তৰ পূৱত, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে ৰঙা, কমলা আৰু হালধীয়াৰঙী সতৰ্কতা

বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে অসমৰ বাবে সতৰ্কতা।

News18-Assam
Updated:July 9, 2019, 8:06 PM IST
৫দিন ধাৰাষাৰ বৰষুণ দিব অসম আৰু উত্তৰ পূৱত, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে ৰঙা, কমলা আৰু হালধীয়াৰঙী সতৰ্কতা
ফটোঃইণ্টাৰনেট
News18-Assam
Updated: July 9, 2019, 8:06 PM IST
অসমৰ বিভিন্ন স্থানত আজিৰে পৰা ৫ দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা। অসম তথা চুবুৰীয়া ৰাজ্য সমুহত আগন্তুক ৫টা দিনলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা । আজিৰ পৰা ৫ দিনলৈ জাৰি কৰা হৈছে এই সতৰ্কতা । অসমৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই । ইয়াকে লৈ জাৰি কৰা হৈছে ৩ তৰপীয়া সতৰ্কতা । হালধীয়া,কমলা আৰু ৰঙাৰঙী সতৰ্কতা জাৰি কৰা হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত । ১০ জুলাইত অসমৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত ৰঙাৰঙী সতৰ্কতা জাৰি কৰি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে, বাক্সা জিলাত কমলাৰঙী সতৰ্কতা জাৰি কৰি ধাৰাষাৰ বৰষুণ অহাৰ আগজাননী দিয়া হৈছে  লগতে ধুবুৰী, বঙাইগাঁও, নলবাৰী, বৰপেটা, ওদালগুৰি,কাৰ্বি আংলং, বিশ্বনাথ,ধেমাজি,চৰাইদেউ,লক্ষীমপুৰ,তিনিচুকীয়া আৰু ডিমা হাছাওত মুষলধাৰ বৰষুণৰ বাবে জাৰি কৰা হৈছে হালধীয়াৰঙী সতৰ্কতা । আনহাতে ১১ জুলাইতো ৰাজ্যৰ বাক্সা জিলাত ৰঙা ৰঙী সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞানে । উল্লেখ্য বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই কেৱল অসমতহে জাৰি কৰিছে ৰঙাৰঙী সতৰ্কতা । আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যতো জাৰি কৰা হৈছে কমলাৰঙী সতৰ্কতা । এই আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
আৰু চাওক পৰৱৰ্তী বাতৰি