দেও ছাগলীৰ প্ৰজনন ঘটোৱাৰ উদ্দেশ্যৰে অসম–নাগালেণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ

দেও ছাগলীৰ প্ৰজনন ঘটাই বংশ বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই নগালেণ্ডৰ মতা দেও ছাগলীটো ১৮ মে’ত অসমলৈ লৈ আনে ৷

news18assam
Updated:June 1, 2019, 5:28 PM IST
দেও ছাগলীৰ প্ৰজনন ঘটোৱাৰ উদ্দেশ্যৰে অসম–নাগালেণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ
দেও ছাগলীৰ প্ৰজনন ঘটাই বংশ বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই নগালেণ্ডৰ মতা দেও ছাগলীটো ১৮ মে’ত অসমলৈ লৈ আনে ৷
news18assam
Updated: June 1, 2019, 5:28 PM IST
বিৰিঞ্চি কুমাৰ ডেকাঃ বিলুপ্তপ্ৰায় দেও ছাগলীৰ বংশ বৃদ্ধিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু নগালেণ্ডৰ চিৰিয়াখানা কৰ্তৃপক্ষই ৷ দুয়োখন ৰাজ্যতে বিলুপ্ত প্ৰায় দেও ছাগলীক লৈ এক বুজাবুজিত উপনীত হৈছে দুয়োখন ৰাজ্যৰ চিৰিয়াখানা কৰ্তৃপক্ষ ৷ অসম ৰাজ্যিক চিৰিয়াখানাত আছে মাম্পী আৰু ৰাণী নামৰ দুটা দেও ছাগলী ৷ ইয়াৰ বিপৰীতে নাগালেণ্ড চিৰিয়াখানাত আছে চিকু নামৰ এটা মতা দেও ছাগলী ৷



দেও ছাগলীৰ প্ৰজনন ঘটাই বংশ বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই নগালেণ্ডৰ মতা দেও ছাগলীটো ১৮ মে’ত অসমলৈ লৈ আনে ৷ চিৰিয়াখানাৰ পশু চিকিৎসক ডাঃ বিজয় গগৈৰ তত্ত্বাৱধানত এটা বিশেষজ্ঞৰ দলে চিৰিয়াখানাত নিৰীক্ষণত ৰাখিছে দেও ছাগলী কেইটা ৷ এই প্ৰচেষ্টাত সফল হ’লে অসম আৰু নাগালেণ্ডত পুনৰ বৃদ্ধি পাব দেও ছাগলীৰ সংখ্যা ৷ চিৰিয়াখানাৰ বন বিষয়াই কোৱা অনুসৰি এই প্ৰজনন ব্যৱস্থাত সংখ্যা বৃদ্ধি পালে জংঘলত এৰি দিয়াৰ ব্যৱস্থা কৰিব দেও ছাগলী ৷
আৰু চাওক পৰৱৰ্তী বাতৰি