• Home
  • »
  • News
  • »
  • assam
  • »
  • সীমা সংঘাত নিৰ্মূলৰ পদক্ষেপঃ অসম, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যুটীয়াভাৱে পৰিদৰ্শন কৰিব বিবাদমান অঞ্চল 

সীমা সংঘাত নিৰ্মূলৰ পদক্ষেপঃ অসম, মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যুটীয়াভাৱে পৰিদৰ্শন কৰিব বিবাদমান অঞ্চল 

অসম আৰু মেঘালয় চৰকাৰে অতি কমেও ৬টা অঞ্চলত ভূমিৰ আদান-প্ৰদানৰ মাজেৰে সীমা সমস্যা সমাধান কৰাৰ পৰিকল্পনা কৰিছে। সেই ৬ অঞ্চল হৈছে – তাৰাবাৰী, গিজং, হাহিম, বকলাপাৰা, পিলাংকটা আৰু ৰাতাচেৰা 

  • Share this:
অসম আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সীমা সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে যুটীয়া ভাৱে পৰিদৰ্শন কৰিব সীমান্ত অঞ্চল। অসম আৰু মেঘালয়ৰ ৮৮৪.৯ কিলোমিটাৰ বিস্তৃত সীমাৰ ১২টা স্থানত মতবিৰোধ আছে আৰু ইয়াৰে ৬স্থানৰ সীমা সমস্যা তুলনামূলকভাৱে কম জটিল বুলি নিৰ্ধাৰিত হৈছে। গতিকে প্রথমে দুই ৰাজ্যই এই ৬স্থানত সমস্যা সমাধানৰ পৰিকল্পনা হাতত লৈছে।

ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে কেইবালানিও আলোচনাত মিলিত হৈছে। মঙলবাৰে তেওঁ শর্মাৰে এক টেলিফোনিক বাৰ্তালাপতো মিলিত হয়। পিছত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰি কৰে যে,  অহা ১৫ অহা নৱেম্বৰত দুইজন মুখ্যমন্ত্ৰীয়ে বিবাদমান অতি কমেও দুই তেনে স্থান পৰিদৰ্শন কৰিব।

উল্লেখযোগ্য যে, এই স্থান সমূহত দুয়োখন চৰকাৰৰ সহমত মৰ্মে স্থানীয় বিধায়ক তথা বিষয়া আমোলালৈ আঞ্চলিক কমিটী গঠন কৰা হৈছিল। কমিটীসমূহক স্থানীয় ৰাইজৰ মতামত গ্ৰহণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। প্ৰতিবেদন দাখিল কৰাৰ অন্তিম তাৰিখ (অক্টোবৰৰ ৩০) ইতিমধ্যে অতিক্ৰম কৰিছে । দুয়োখন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কাৰণে প্ৰতিবেদন সময়ত দাখিল কৰিব পৰা নগ’ল বুলি সদৰি কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যুটীয়া পৰিদৰ্শনৰ অন্তত প্ৰতিবেদন জমা হ’ব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে প্ৰক্ৰিয়াটোত জড়িত এগৰাকী বিষয়াৰ মতে, এই যুটীয়া পৰিদৰ্শনৰ উদ্দেশ্য হৈছে সীমান্ত অঞ্চলৰ ৰাইজৰ মাজত আস্থা গঢ়ি তোলা ।

অসম আৰু মেঘালয় চৰকাৰে অতি কমেও ৬টা অঞ্চলত ভূমিৰ আদান-প্ৰদানৰ মাজেৰে সীমা সমস্যা সমাধান কৰাৰ পৰিকল্পনা কৰিছে। সেই ৬ অঞ্চল হৈছে – তাৰাবাৰী, গিজং, হাহিম, বকলাপাৰা, পিলাংকটা আৰু ৰাতাচেৰা।
Published by:Himangshu Bhuyan
First published: