உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অৰুণাচল প্ৰশাসনে ভাঙিছিল জুবিন গাৰ্গ সেতু, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফোন অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ

    অৰুণাচল প্ৰশাসনে ভাঙিছিল জুবিন গাৰ্গ সেতু, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফোন অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ

    জুবিন গাৰ্গ সেতুক লৈ টেলিফোনিক বাৰ্তালাপ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

    জুবিন গাৰ্গ সেতুক লৈ টেলিফোনিক বাৰ্তালাপ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

    জুবিন গাৰ্গ সেতুক লৈ টেলিফোনিক বাৰ্তালাপ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

    • Share this:
    তিনিচুকীয়াৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী টেঙাপানীৰ ন-দিহিংৰ ওপৰত ৰাইজে মিলি নিৰ্মাণ কৰিছিল কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামেৰে এখন বাহঁ‌ৰ দলং। কিন্তু ল’ক ডাউনৰ মাজতে অৰুণাচল আৰক্ষীয়ে ভাঙি পেলালে জুবিন গাৰ্গ সেতুখন। কোনো ধৰণৰ জাননী নিদিয়াকৈ দলং খন ভাঙি পেলোৱাত জাঙুৰ খাই উঠিছিল অঞ্চলবাসী।

    দলং খন ভাঙি পেলোৱাৰ বাতৰি প্ৰকাশ কৰাৰ পিছতে এতিয়া তত্‍পৰ হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলং খনৰ সন্দৰ্ভত ফোন কৰিলে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুলৈ। সেতুখনক লৈ সৃষ্টি হোৱা বিবাদ মীমাংসাৰ পোষকতা মুখ্যমন্ত্ৰীদ্বয়ৰ।

    মুখ্যমন্ত্ৰী দুগৰাকীৰ আলোচনাৰ পিছতে উপায়ুক্ত পৰ্যায়ৰ বৈঠকৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মঙলবাৰে তিনিচুকীয়াৰ উপায়ুক্ত আৰু নামচাইৰ উপায়ুক্তৰ মাজত হ’ব এই বিবাদ সন্দৰ্ভত এখন বৈঠক।
    Published by:Himangshu Bhuyan
    First published: