সামাজিক মাধ্যত চৰ্চিত হৈছে অসমৰ এখন বিয়াৰ ব্যতিক্ৰমী নিমন্ত্ৰণী পত্ৰ। কিন্তু কিয় চৰ্চাৰ শিৰোনাম দখল কৰিছে এইখন নিমন্ত্ৰণী পত্ৰই? কাৰণ নিমন্ত্ৰণী পত্ৰখনত লিখি দিয়া হৈছে দৰা-কইনাৰ জন্মৰ তাৰিখ-বছৰ।
প্ৰকৃততে ৰাজ্যত বিগত কিছুদিন ধৰি বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰ-প্ৰশাসন সৰৱ হৈ থকাৰ সময়তে বিয়াক লৈ সচেতন হৈ পৰিছে সাধাৰণ ৰাইজ। বাল্য বিবাহ খাব যোৱা অতিথিৰ বিৰুদ্ধেও চৰকাৰ কঠোৰ হ'ব বুলি দিয়া হুংকাৰত এতিয়া সচেতন হৈ পৰিছে জনগণ। সেয়ে হয়তো বিবাহৰ আয়োজক পৰিয়ালে বিয়াৰ নিমন্ত্ৰণী পত্ৰত ব্যতিক্ৰমীধৰণে দৰা-কইনাৰ জন্মৰ তাৰিখ-বছৰ দিয়া কাৰ্যই আমোদৰ খোৰাক যোগাইছে বহুজনক।
এই নিমন্ত্ৰণী পত্ৰখনক লৈ সামাজিক মাধ্যমত ভিন্নজনে কৰি ভিন ভিন মন্তব্য। খেনোৱে কৈছে, "এনেকৈ তাৰিখ দিলেও আমি মানি ল'ব নোৱাৰো, জন্মৰ প্ৰমাণ পত্ৰও ছপা কৰি দিব লাগিব", "মামাৰ অনুমতি ল'লে নে নাই?", খেনোৱে আকৌ কৈছে, "কেৱল তাৰিখ দিলেই নহ'ব, পেন কাৰ্ড, আধাৰ কাৰ্ডো ছপা কৰি দিব লাগিব। এনেদৰে এই বিয়াৰ নিমন্ত্ৰণী পত্ৰখনক ললে নেটিজেনৰ মাজত সৃষ্টি হৈছে চৰ্চা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।