অসমৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, মুঠ ১৫খন ৰাজ্যৰ ১১৬টা সমষ্টিত মহাযুদ্ধ

ধুবুৰী, বৰপেটা, কোকৰাঝাৰৰ লগতে সন্মানীয় গুৱাহাটী সমষ্টি কাৰ দখললৈ যাব? ইভিএমত বন্দী হ’ল অসমৰ ৫৪জন প্ৰাৰ্থীৰ ভাগ্য।

news18assam
Updated:April 24, 2019, 2:12 PM IST
অসমৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ, মুঠ ১৫খন ৰাজ্যৰ ১১৬টা সমষ্টিত মহাযুদ্ধ
ধুবুৰী, বৰপেটা, কোকৰাঝাৰৰ লগতে সন্মানীয় গুৱাহাটী সমষ্টি কাৰ দখললৈ যাব? ইভিএমত বন্দী হ’ল অসমৰ ৫৪জন প্ৰাৰ্থীৰ ভাগ্য।
news18assam
Updated: April 24, 2019, 2:12 PM IST
যঅসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত অসমৰ লগতে ১৫ খন ৰাজ্যৰ ১১৬ টা সমষ্টিত ভোটগ্ৰহণ। অন্তিম পৰ্যায়ত অসমৰ ৪ টা সমষ্টিত ভোটযুদ্ধ। ধুবুৰী, কোকৰাঝাৰ, বৰপেটাৰ লগতে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টিত ভোটগ্ৰহণ। অসমৰ ৪ সমষ্টিত ১৫ লাখ ৫২ হাজাৰ ৫৫৪ ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৫৪ জন প্ৰাৰ্থীৰ ভাগ্য।

গুৱাহাটী সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে ১৭ জন প্ৰাৰ্থীয়ে। ধুবুৰীত নিৰ্বাচনী যুঁজত নামিছে ১৫ জন প্ৰাৰ্থী। বৰপেটা সমষ্টিত ১৩ জন আৰু কোকৰাঝাৰ সমষ্টিত ৯ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নিৰ্বাচনত। নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলাৰ আৰক্ষী প্ৰশাসন গ্ৰহণ কৰিছে সকলো ব্যৱস্থা। ভোটগ্ৰহণ কেন্দ্ৰলৈ সময়মতে ৰাওনা হয় প্ৰিজাইডিং, প'লিং বিষয়া সহ নিৰাপত্তাৰক্ষী। অসমৰ ৪ সমষ্টিৰ দুৰ্গম অঞ্চল তথা চৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ দেওবাৰে ৰাওনা হয় প্ৰিজাইডিং, পোলিং বিষয়া।

অসমৰ উপৰিও ত্ৰিপুৰাত এখন, বিহাৰত ৫, ছত্তীশগড়ত ৭, দাদৰা আৰু নগৰভেলীত এটা, দমন আৰু দিউত এটা সমষ্টিত হয় ভোটগ্ৰহণ। ইয়াৰোপৰি গোৱাত ২, গুজৰাট ২৬, জম্মু কাশ্মীৰ এটা, কৰ্ণাটক ১৪, কেৰালা ২০, মহাৰাষ্ট্ৰ ১৪, ওড়িশা ৬, উত্তৰ প্ৰদেশ ১০ আৰু পশ্চিম বংগ ৫টা সমষ্টিত হয় ভোটগ্ৰহণ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি