সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি বিধায়ক ৰূপে শপত লোৱা অখিলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় কাৰাগাৰৰ পৰা মুকলি কৰি দিব : প্ৰিয়দা গগৈ
সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি বিধায়ক ৰূপে শপত লোৱা অখিলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় কাৰাগাৰৰ পৰা মুকলি কৰি দিব : প্ৰিয়দা গগৈ
কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ পিছত আজি বিধায়কৰূপে আনুষ্ঠানিকভাবে শপত ল'লে অখিল গগৈয়ে। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে মৰিয়নিৰ চেলেংহাটবাসী।
"মোৰ পুত্ৰই এদিন সোণৰ অসম গঢ়িব" বুলি আশা প্ৰকাশ কৰে অখিল গগৈৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈয়ে। NEWS 18ৰ সৈতে হোৱা এক বাৰ্তালাপত প্ৰিয়দা গগৈয়ে কয় যে, "ৰাষ্টদ্ৰোহৰ অভিযোগ অনা অখিলক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে শিৱসাগৰবাসী ৰাইজে জনপ্ৰতিনিধি নিৰ্বাচন কৰিছে। গতিকে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি বিধায়ক ৰূপে শপত লোৱা অখিলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয় কাৰাগাৰৰ পৰা মুকলি কৰি দিব।" ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি সন্মান দিব বুলি আশা প্ৰকাশ কৰে আশী উৰ্ধৰ প্ৰিয়দা গগৈয়ে।
আনহাতে পুত্ৰই বিধায়কৰূপে শপত গ্ৰহণ কৰা দিনটোত মাতৃ ৰূপে যিমান আনন্দিত হ'ব লাগিছিল সিমান আনন্দিত হ'ব পৰা নাই প্ৰিয়দা গগৈ। কাৰণ পুত্ৰ এতিয়াও কাৰগাৰৰ পৰা মুকলি হৈ অহা নাই। অধীৰ আগ্ৰহেৰে বাট চাইছে পুত্ৰ কাৰাগাৰৰ পৰা মুকলি আকাশলৈ অহাৰ ক্ষণটোলৈ।
পুত্ৰ কাষলৈ আহিলে চকুযোৰ চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ যোৱাৰ আশাৰে বাট চাই আছে মাতৃ প্ৰিয়দা গগৈয়ে।
অখিল গগৈৰ সংগ্ৰামী জীৱনৰ পৰা ৰাজনৈতিক যাত্ৰাৰ শুভক্ষণত পুত্ৰক আশীৰ্বাদ দিয়ে প্ৰিয়দা গগৈয়ে।
এইফালে গাঁওখনৰ বয়োজ্যেষ্ঠ ব্যক্তি প্ৰদীপ সন্দিকৈয়ে নেতা গৰাকীৰ শৈশৱ কালৰ স্মৃতি সুঁৱৰি কয়, "অখিল সৰুৰ পৰাই স্পষ্টবাদী আছিল। পঢ়াৰ প্ৰতি সাংঘাটিক ধাউতি আছিল। সৰুতে আমি দূৰেদি পাৰ হৈ গ'লেও মাত দি ইংৰাজী বানানা সোধে"।
আনহাতে গাঁওখনৰ আন এজন বয়োজেষ্ঠ ব্যক্তি বীৰেন বৰুৱায়ে কয়, "অখিল গগৈয়ে সৰু কালত ককায়েক আৰু বায়েকহঁতৰ সৈতে আনৰ পৰা আধি মাটি লৈ খেতি কৰি বৰ কষ্টৰে পঢ়া শুনা কৰিছিল। আজি অখিলৰ ৰাজনৈতিক জীৱনলৈ আমি গাঁওবাসীয়ে শুভেচ্ছা জনাইছোঁ।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|