অখিল গগৈয়ে মোৰ বিৰুদ্ধে গোচৰ তৰিলে ময়ো আদালতৰ কাষ চাপিমঃ আমিনুল ইছলাম
অখিল গগৈয়ে মোৰ বিৰুদ্ধে গোচৰ তৰিলে ময়ো আদালতৰ কাষ চাপিমঃ আমিনুল ইছলাম
শুকুৰবাৰে অসম বিধানসভাত গৃহীত হ'ল গো সুৰক্ষা বিধেয়ক। আৰু তাৰ পিছৰ পৰাই ৰাজ্যত বিলখনক কেন্দ্ৰ কৰি চৰ্চা অব্যাহত আছে। বিজেপিয়ে বিলখনক সমৰ্থন কৰাৰ বিপৰীতে কংগ্ৰেছ, AIUDF সহ বিৰোধী শিবিৰে তীব্ৰ বিৰোধিতা কৰিছে বিলখনৰ।
বিলখনৰ সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। ধিং সমষ্টিৰ বিধায়কজনে কয় যে, 'গৰু মাংস নিষিদ্ধ কৰিলে গাহৰি মাংস নোখোৱা মানুহৰ বসতি থকা অঞ্চলতো গাহৰি মাংস নিষিদ্ধ কৰিব লাগে ৷ কোনো সম্প্ৰদায়ৰ অনুভূতিত আঘাত হানিব দিব নোৱাৰিব।'
বিধায়ক আমিনুলে লগতে কয় যে, 'পশুধন বিল পাৰিত হ'ল, বেয়া পোৱা নাই। মুছলমানে গাহৰি কিয় নাখাই তাৰ ভুল ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে। কোৰাণ, হাদিচত লিখা আছে ইয়াৰ কাৰণ। কুৰবানী নিদিয়াৰ কাৰণে নাখায় বুলি ভুল ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে।'
গো সুৰক্ষা বিধেয়কক বিৰোধিতা কৰি আমিনুল ইছলামে কয় য়ে,'বিলখনৰ পৰা অসমত কোনো মুছলমান, খ্ৰীষ্টিয়ানৰ একো ক্ষতি নহয়। বিলখনৰ পৰা ক্ষতি হ'ব অসমৰ গো-পালকসকল, কৃষকসকলৰ, গৰুৰ বিক্ৰী কমি যাব। অসমত গৰু বিলুপ্তপ্ৰায় প্ৰাণী নহয়, তেন্তে বিলখনৰ প্ৰয়োজন কিয়? য'ত গাহৰি মাংস ভক্ষণ নকৰা লোক আছে তাতো একে নিয়ম কৰিব লাগে। বিষ্ণুৰ অৱতাৰ গাহৰি মুছলমানে ভক্ষণ নকৰে বাবে ধন্যবাদ দিব লাগিছিল। ঋক বেদত গো-ভক্ষণ যে ৰজা-মহাৰাজাসকলেও কৰিছিল সেয়া উল্লেখ আছে।অসমৰ কোৰোণা বিধ্বস্ত পৰিস্থিতিক আওকান কৰি নাগপুৰকহে সন্তুষ্ট কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।'
ইফালে বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অখিল গগৈয়ে মানহানি গোচৰ তৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দৰ্ভত আমিনুল ইছলামে কয় যে,' অখিল গগৈয়ে মোৰ বিৰুদ্ধে গোচৰ তৰিলে ময়ো আদালতৰ কাষ চাপিম ৷ যি লাগে সকলো তথ্য-পাতি আদালতত দাখিল কৰিম ৷ মই মোৰ স্থিতিত অটল আছো।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|