অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাংঢালী ছোৱালীজনী আৰু নাই...

জীৱনটো নতুনকৈ সজোৱাৰ আশাবোৰ আশা হৈয়ে থাকিল সুব্ৰতা বৰাৰ।

News18-Assam
Updated:September 24, 2019, 12:33 PM IST
অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাংঢালী ছোৱালীজনী আৰু নাই...
জীৱনটো নতুনকৈ সজোৱাৰ আশাবোৰ আশা হৈয়ে থাকিল সুব্ৰতা বৰাৰ।
News18-Assam
Updated: September 24, 2019, 12:33 PM IST
কোনেও যেন মানি ল’ব পৰা নাই সেই দুঃখবৰটো। কোনেও যেন বিশ্বাস কৰিব পৰা নাই – তাই আৰু নাই...। নিষ্ঠুৰ নিয়তিয়ে জীৱনটো আৰম্ভ কৰিবলৈ নৌপাওঁতেই কাঢ়ি নিলে তাইক। জীৱনটো নতুনকৈ সজোৱাৰ আশাবোৰ আশা হৈয়ে থাকিল ৰাংঢালী সুব্ৰতাৰ।

সোমবাৰে শিৱসাগৰৰ ডিমৌত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী প্ৰচূৰ সম্ভাৱনাময় ছাত্ৰীৰ বিয়োগে সকলোকে মৰ্মাহত কৰি তুলিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী সুব্ৰতা বৰাৰ মৃত্যুত শোকস্তব্ধ বিশ্ববিদ্যালয়খনৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাবাসীক।

ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ চন্দ্ৰগুপ্ত বৰা আৰু সহকাৰী অধ্যাপিকা ৰূপজ্যোতি বৰাৰ জ্যেষ্ঠ কন্যা সুব্ৰতাই আনদিনাৰ দৰে সোমবাৰে পুৱাও মিলন নগৰৰ জি লেনৰ বাসৃগৰ পৰা ওলাই গৈছিল। যোৰহাটলৈ যোৱা বাছত উঠি ৰাওনা হৈছিল অসম কৃষি বিশ্ববিদ্যালয়লৈ। কিন্তু আদবাটতে সংঘটিত হ’ল সেই কাল দুৰ্ঘটনাটো। আধাতে গৱেষণা সামৰি অজান দেশলৈ গুচি গ’ল সুব্ৰতা।

Photo : Facebook


অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি পি এইচ ডি কৰি আছিল মেধাৱী সুব্ৰতাই। শেহতীয়াকৈ স্পেইনত গৱেষণা পত্ৰ পাঠ কৰি উভতি আহিছিল সুব্ৰতা।

Photo : Facebook


সৰুৰে পৰা অতি মেধাৱী, অমায়িক আৰু নিৰ্জু স্বভাৱৰ আছিল সুব্ৰতা। ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হৈ ছল্ট ব্ৰুক একাডেমীৰ পৰা উত্তীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাক। তাৰ পিছতে সুব্ৰতাই নামভৰ্তি কৰিছিল অসম কৃষি বিশ্ববিদ্যালয়ত। তাৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গৱেষণা কৰি আছিল সুব্ৰতাই।

Photo : Facebook


সোমবাৰে শিৱসাগৰত মৰণোত্তৰ পৰীক্ষাৰ অন্তত সন্ধিয়া ডিব্ৰুগড়ৰ মিলন নগৰৰ বাসগৃহলৈ অনা হয় সুব্ৰতাৰ নশ্বৰদেহ। চৌকিদিঙী ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় সুব্ৰতাৰ।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি