যোৱা শনিবাৰে নিশা নলবাৰীত উপস্থিত হৈ সাংবাদিকৰ সন্মুখত মন্তব্য কৰি ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে, "আফ্ৰিকান ছোৱাইন ফ্লুৰ কোনো চিকিৎসা নাই।"
মন্ত্ৰীগৰাকীয়ে আফ্ৰিকান ছোৱাইন ফ্লুৰ পৰা গাহৰিক ৰক্ষা কৰিবলৈ হ'লে গাহৰিপালকসকলে জৈৱ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাহিৰে বিকল্প নাই বুলি মন্তব্য কৰি ছোৱাইন ফ্লুত আক্ৰান্ত গাহৰিক পশু চিকিৎসালয়ত খবৰ দি কচাইখানাত দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান।
উল্লেখ্যোগ্য যে মন্ত্ৰী অতুল বৰাই শনিবাৰে নিশা নলবাৰীৰ হৰি মন্দিৰত উপস্থিত হৈ উপভোগ কৰে ৰাস মহোৎসৱ। ৰাস মহোৎসৱ উপভোগ কৰি মন্ত্ৰী গৰাকীয়ে সুঁৱৰিলে পূৰ্বৰ স্মৃতিও।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|