মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ভালখবৰ! অতি শীঘ্ৰে কৃষি বিভাগত পূৰণ কৰা হ’ব বহু খালী পদ, আগষ্ট মাহত প্ৰকাশ পাব বিজ্ঞাপন

ভালখবৰ! অতি শীঘ্ৰে কৃষি বিভাগত পূৰণ কৰা হ’ব বহু খালী পদ, আগষ্ট মাহত প্ৰকাশ পাব বিজ্ঞাপন

News18 Assam | News18-Assam
Updated:July 23, 2020, 5:58 PM IST
ভালখবৰ! অতি শীঘ্ৰে কৃষি বিভাগত পূৰণ কৰা হ’ব বহু খালী পদ, আগষ্ট মাহত প্ৰকাশ পাব বিজ্ঞাপন
ফাইল ফটো

এটা ভাল খবৰ ! কোৰোণা মহামাৰী, ল’ক ডাউন আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে বৃহস্পতিবাৰে আহিল এটা ভাল খবৰ ৷

  • Share this:
এটা ভাল খবৰ ! কোৰোণা মহামাৰী, ল’ক ডাউন আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে বৃহস্পতিবাৰে আহিল এটা ভাল খবৰ ৷ খবৰটো দিলে ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই ৷

জনতা ভৱনত আয়োজন কৰা এক সংবাদমেলত মন্ত্ৰী অতুল বৰাই ক'লে- “কৃষি আৰু পশুপালন বিভাগক অধিক গতিশীল কৰাৰ বাবে আমাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই হিচাপত আমি দুয়োটা বিভাগত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো ৷ আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত প্ৰকাশ পাব খালী পদ পূৰণৰ বাবে বিজ্ঞাপন ৷”

“কৃষি বিভাগত তৃতীয় বৰ্গৰ ১৯২০টা, কৃষি উন্নয়ন বিষয়াৰ ১১৩টা পদ, কনিষ্ঠ অভিযন্তা পদত ৪২টা, সহকাৰী অভিযন্তা ১২টা পদত নিযুক্তি দিয়া হ'ব ৷ লগতে পশুপালন বিভাগত তৃতীয় বৰ্গত ৩১টা, ফিল্ড এছিচটেণ্টত ২২৪টা, চৰ্তুথ বৰ্গত ৮৬টা আৰু ৰাজপত্ৰিত বিষয়া ১৭ টা পদ পূৰণ কৰা হ'ব,” এনেদৰে জনালে মন্ত্ৰী অতুল বৰাই ৷

লগতে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত কৃষি বিভাগৰ অৱস্থাৰ খতিয়ান দাঙি ধৰিলে মন্ত্ৰী বৰাই। বৰাই ক'লে- “এতিয়া কৃষি বিভাগ ভালকৈ চলিছে ৷ কংগ্ৰেছৰ দিনত ঠিকাদাৰৰ বিভাগ আছিল এই বিভাগটো ৷ আজি সেই দিন নাই ৷ ভালকৈ চলিছে এতিয়া ৷ কৃষকৰ কাষত এতিয়া এই বিভাগ ৷ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰেও আমাক প্ৰশংসা কৰিছে ৷”
Published by: Himangshu Bhuyan
First published: July 23, 2020, 5:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি