মুখ্যমন্ত্ৰীৰে হ’বলগীয়া আলোচনাৰ অন্তত এই বিষয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব কৃষি বিভাগ।
মুখ্যমন্ত্ৰীৰে হ’বলগীয়া আলোচনাৰ অন্তত এই বিষয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব কৃষি বিভাগ।
কৃষি, পশুপালন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱাৰ পথত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গক ৰাজ্যৰ কৃষি বিভাগে ব্ৰেণ্ড এম্বেচাদৰ হোৱাৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ।জনপ্ৰিয় শিল্পীগৰাকীয়েও এই প্ৰস্তাৱত সন্মতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰে হ’বলগীয়া আলোচনাৰ অন্তত এই বিষয়ে চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব কৃষি বিভাগ।
কোৰোণা মহামাৰীৰ বাবে বহি:ৰাজ্যত আৱদ্ধ হৈ থকা লাখ লাখ যুৱক-যুৱতীক কিদৰে আত্মনির্ভৰশীল কৰিব পাৰি,সেই কথা চিন্তা চৰ্চা কৰি কৃষি বিভাগে লৈছে এই সিদ্ধান্ত। ইফালে জুবিন গাৰ্গেও বৃন্দাবন চুপাৰ হাব নামৰ এখন কৃষি বৈপ্লৱিক আঁচনি হাতত লৈছে। শনিবাৰে কৃষি মন্ত্ৰী অতুল বৰাৰ বাসগৃহত এই সম্পৰ্কে আলোচনাত মিলিত হয় জুবিন গাৰ্গ।
কৃষিৰ ক্ষেত্ৰত বিপ্লৱ সূচনা কৰাৰ আশাৰে জুবিন গাৰ্গে কয় যে 'ইয়াৰ দ্বাৰা অসমত এক নতুন কৃষি আৰু অৰ্থনৈতিক বিপ্লৱৰ সূচনা হ’ব, আমি গোটেই জাতিক লৈ এই পৰিকল্পনা কৰিছো। কোৰোণাৰ পিছত যুৱক-যুৱতীসকল আত্মনির্ভৰশীল হ’ব বিচাৰিছে। সকলো যুৱক-যুৱতীৰ সহায় লাগিব। ইয়াৰ পৰা কৃষি বিপ্লৱ সূচনা হ’ব।’
ইফালে জুবিন গাৰ্গৰ এই পৰিকল্পনাই যুৱ চামক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী অতুল বৰাই। জুবিনৰ লগত উপস্থিত থাকি পত্নী গৰিমা গাৰ্গে কয় 'কৃষি ক্ষেত্ৰত বহু কৰিব লগীয়া আছে ,পথাৰ আমাৰ হ’ব লাগিব, পথাৰৰ লগতে বজাৰ সৃষ্টি কৰিব লাগিব , স্ব নিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টা চলাব লাগিব সকলোৱে।’
উল্লেখযোগ্য যে, প্ৰথম অৱস্থাত গুৱাহাটী, নলবাৰী আৰু বৰপেটাৰ যুৱক-যুৱতী সকলক লৈ কাম কৰিব জুবিনে। আনহাতে কৃষি লৈ জানুৱাৰী মাহৰ পৰা তথ্য চিত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে জুবিন গাৰ্গে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|