মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্য কোৰোণা কালত বিধ্ৱস্ত কৃষি খণ্ডক বচাবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ পদক্ষেপ। কৃষকলৈ উচ্চ উৎপাদনক্ষম বীজ যোগান ধৰাৰ আগ্ৰহ।

ৰাজ্য কোৰোণা কালত বিধ্ৱস্ত কৃষি খণ্ডক বচাবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ পদক্ষেপ। কৃষকলৈ উচ্চ উৎপাদনক্ষম বীজ যোগান ধৰাৰ আগ্ৰহ।

উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৰামৰ্শ কৃষি মন্ত্ৰী অতুল বৰাক।

উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৰামৰ্শ কৃষি মন্ত্ৰী অতুল বৰাক।

  • Share this:
কোভিড ১৯ পৰিস্থিতিয়ে ৰাজ্যৰ অৰ্থনীতিলৈ ব্যাপক ভাবুকি কঢ়িয়াই অনাৰ সময়তে চৰকাৰ তৎপৰ হৈ পৰিছে অসমৰ কৃষিখণ্ডক লৈ ।

কৃষিমন্ত্ৰী অতুল বৰাই অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ সৈতে ৰাজ্যৰ কৃষি অৰ্থনীতি উন্নয়নৰ বিষয়ে বিশেষ   পৰ্যালোচনা কৰে।  অসম কৃষি বিশ্ববিদ্যালয়ে চৰকাৰক বিশ্ববিদ্যালয়খনত উৎপাদিত উচ্চ উৎপাদনক্ষম পৰীক্ষাকৃত বীজ যোগানৰ প্ৰতি  আগ্ৰহ প্ৰকাশ কৰিছে ।

এই দিশত উত্তৰণৰ বাবে প্ৰধানকৈ দুতৰপীয়া শস্যক্ৰমৰ  ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগিব বুলি উপাচাৰ্য গৰাকীয়ে মত ব্যক্ত কৰে । দ্বিতীয়তে ৰাজ্যখনক কণী আৰু মাংস উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি  ৰাজ্যৰ কৃষিক্ষেত্ৰ সমৃদ্ধিশালী কৰাৰ বাবে প্ৰকল্প গ্ৰহণ কৰিলে এই দিশত সফলতা লাভ কৰিব পৰা যাব বুলি পৰামৰ্শ আগবঢ়ায়  ।

তদুপৰি ৰাজ্যৰ ভিতৰতে ধান, মাহ আৰু তৈলবীজ  উৎপাদনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উৎপাদিত উচ্চ উৎপাদনক্ষম পৰীক্ষাকৃত  বীজসমুহ অসম চৰকাৰে ক্ৰয় কৰাৰ ব্যৱস্থা লবলৈ কৃষিমন্ত্ৰীগৰাকীক উপাচাৰ্যগৰাকীয়ে অনুৰোধ জনায় ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰীলে কৃষকসকলে উন্নত মানৰ বীজ লাভ কৰাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ে বছৰি  ২০-২৫  কোটি টকা আয় কৰিবলৈ সক্ষম হ'ব ।

উপাচাৰ্য গৰাকীয়ে অসম কৃষি বিশ্ববিদ্যালয়ত খালী হৈ থকা শিক্ষক আৰু অনাশিক্ষক পদসমুহ পূৰণৰ ব্যৱস্থা ল'বলৈ অনুৰোধ জনায়।মন্ত্ৰী বৰাই  মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি  সোনকালেই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্ৱাস দিয়ে ।

শেহতীয়া বাতৰি