মাংস আৰু কণী উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। ইয়াৰ বাবে প্ৰয়োজনীয় পশু-পক্ষীৰ খাদ্য প্ৰস্তুতৰ দিশত অসমক স্বাৱলম্বী কৰি অসমৰ কৃষিক্ষেত্ৰত এক বৈপ্লবিক পৰিৱৰ্তন অনাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে অসম কৃষি বিশ্ববিদ্যালয়। ইয়াৰ বাবে এনে খাদ্যৰ মূল কেঁচামাল মাকৈ আৰু চয়াবিনৰ খেতি লাভজনক খেতি হিচাপে সম্প্ৰসাৰণ কৰি বাণিজ্যিকভাৱে ইয়াৰ জৰিয়তে পশু-পক্ষীৰ বাবে প্ৰয়োজনীয় খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।
পশু-পক্ষীৰ খাদ্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰিলে মাংস উৎপাদন আৰু কণী উৎপাদনৰ ক্ষেত্ৰতো অসম স্বাৱলম্বী হ'ব পাৰিব আৰু তাৰ বাবেই বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষ।
অসম কৃষি বিশ্ববিদ্যালয়ে জিলা কৃষি বিষয়া, কৃষি বিজ্ঞানী আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া সমন্বয়ৰ জৰিয়তে ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ত এখন উচ্চস্তৰীয় আলোচনা–চক্ৰ অনুষ্ঠিত কৰিছে। ইয়াৰ পিছতে উজনি অসমত ১০ হাজাৰ হেক্টৰ ভূমিত মাকৈ আৰু ১ হাজাৰ হেক্টৰ ভূমিত গোমধানৰ খেতি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মাংস আৰু কণী উৎপাদনত অসমক স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ সমান্তৰালভাৱে এই দিশত সকলো দিশ পৰ্যালোচনা কৰি সম্পদ, প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ সকলো দিশ বিশ্লেষণ কৰাৰ বাবে আঁচনি যুগুত কৰা হৈছে।
এই আলোচনাত অসমৰ ৯খন জিলাৰ জিলা কৃষি বিষয়াসকলে জিলাসমূহত মাকৈ আৰু চয়াবিন খেতিৰ সম্ভাৱনীয়তাৰ ওপৰত ব্যাখ্যা আগবঢ়ায় । এই আলোচনাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুৎ চন্দন ডেকাই কয় যে পশুখাদ্য বা জীৱ–জন্তুৰ বাবে প্ৰয়োজনীয় খাদ্যাভাষৰ বাবে অসমত প্ৰয়োজনীয় কেঁচামালৰ উৎপাদন বৰ কম। সেয়ে মাংস আৰু কণী উৎপাদনৰ লগত জড়িত অসমৰ কৃষকসকলে সদায় আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়।
" বৰ্তমান প্ৰয়োজনীয় কেঁচামাল অসমত নিজেই উৎপাদন কৰি কৃষকসকলক লাভান্বিত কৰাৰ বাবে চিন্তা কৰা হৈছে । চৰকাৰে ২০২৬ চনৰ ভিতৰত মাংস আৰু কণীৰ উৎপাদন দুগুণ কৰাৰ বাবে লোৱা পদক্ষেপত অসম কৃষি বিশ্ববিদ্যালয়ে পদ্ধতিগতভাৱে সহযোগিতা আগবঢ়াই কেঁচামাল উৎপাদনত অসমক স্বাৱলম্বী কৰিবলৈ বিচাৰিছোঁ। পদ্ধতিগতভাবে গৱেষণা আৰু আঁচনিৰে আগবাঢ়ি আমি কৃষিত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰাৰ বাবে সকলো আগবাঢ়িব লাগিব।" –অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই এনেদৰে কয়।
এই আলোচনাত চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষীমপুৰ, ধেমাজি, যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাৰ কৃষি বিষয়াসকলে জিলাসমূহত মাকৈ আৰু চয়াবিন খেতিৰ সম্ভাৱনীয়তা আৰু সমস্যাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|