খেতিৰ পথাৰতে উৎপাদিত সামগ্ৰীৰ দাম তথা যোগান আৰু চাহিদাৰ তথ্য লাভ কৰি উপযুক্ত মুল্যত বজাৰত নিজৰ সামগ্ৰী বিক্ৰী কৰি এতিয়াৰে পৰা উপকৃত হ'ব পাৰিব অসমৰ কৃষকসকল। বজাৰত প্ৰয়োজনতকৈ বেছি উপলব্ধ হোৱা খাদ্যশস্য নষ্ট হৈ কৃষক ক্ষতিগ্ৰস্ত হোৱা দুৰ্ভাৱনাৰো অন্ত পৰিব। এক কথাত ক'বলৈ গ'লে কৃষকে উৎপাদিত সামগ্ৰী বজাৰত গৈ বিক্ৰী কৰাৰ চিন্তাৰ বিপৰীতে খেতিৰ পথাৰতেই বজাৰ উপলব্ধ হ'ব এই প্ৰক্ৰিয়াত ।
তামিলনাডু ,তেলেঙ্গনা, গুজৰাট আদিৰ কৃষকৰ সৈতে একেশাৰীত খোজ পেলাবলৈ গৈ আছে অসমৰ কৃষকসকল। আধুনিক তথ্যপ্ৰযুক্তিৰ সুন্দৰ ব্যৱস্থাপনাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে এনে এবিধ ব্যৱস্থাৱলী সজাই তুলিছে যাৰ জৰিয়তে কিনোতা আৰু বেচোতাই ঠগ নোখোৱাকৈ আৰু হাৰাশাস্তি নোহোৱাকৈ ক্ৰয় বিক্ৰয় কৰিব পাৰিব। দেশৰ অগ্ৰণী কৃষি শিক্ষা- গৱেষণাৰ শিক্ষানুষ্ঠানখনে আৰম্ভ কৰা কৃষি বজাৰ তথ্য আৰু সূচনা কেন্দ্ৰ (AMIU )ৰ জৰিয়তে এতিয়াৰে পৰা বজাৰৰ সকলো গতিবিধি সুন্দৰকৈ জানিব পাৰিব সকলোৱে। এছ এম এছ (sms) ৰ জৰিয়তে মুহূৰ্তে মুহূৰ্তে জানিব পাৰিব বজাৰৰ গতিবিধি। বজাৰ ব্যৱস্থাপনাৰ যথোচিত খবৰৰ অভাৱত খেতিয়কসকল প্ৰায়ে লোকচানৰ সন্মুখীন হৈ অহাৰ সময়তে আহিছে এই আশাৰ খবৰ। যাৰ জৰিয়তে উৎপাদক-ক্ৰেতা আৰু বিক্ৰেতাই নিজৰ পচন্দৰ কিনা বেচাৰ তথ্য নিজৰ স্থানতে থাকি জানিব পাৰিব। সমান্তৰালভাবে অসমৰ কৃষকক খেতিৰ লাভ দিবলৈ পোনপটীয়াকৈ কৃষকৰ সৈতে সংযুক্ত হ'ব কৃষি বিজ্ঞানী , কৃষি উদ্যোগী ।
2021 বৰ্ষৰ মাজভাগৰ পৰা কাম আৰম্ভ কৰা কৃষি বজাৰ তথ্য আৰু সূচনা কেন্দ্ৰই ইতিমধ্যে অসমৰ ১৫ খন জিলাত কাম আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ত জিলা ভিত্তিত এজনকৈ ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰ্মী (FDE) নিয়োগ কৰা হৈছে। এইসকলে অসমৰ তথা ভাৰতবৰ্ষৰ মূখ্য বজাৰ সমূহৰ পৰা নিয়মীয়াকৈ বজাৰৰ তথ্য সংগ্ৰহ কৰিব। অসমৰ ১৫ খন জিলাৰ দৈনিক বজাৰ আৰু ৪০ খন সাপ্তাহিক বজাৰৰ পৰা কৃষি সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা মূল্য তথা বজাৰত কৃষিজাত দ্ৰব্যৰ উপলব্ধতাৰ তথ্য সংগ্ৰহ কৰা হৈছে। এই ব্যতিক্ৰমী কেন্দ্ৰটোৰ সম্পৰ্কত জানিবলৈ দি কৃষি বজাৰ তথ্য আৰু সূচনা কেন্দ্ৰৰ মুৰব্বী তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নিবেদিতা ডেকাই কয় যে, FDE সকলে লাভ কৰা তথ্যসমুহ উপলব্ধ কৰিবলৈ 'KOBO COLLECT' নামেৰে এটা অনলাইন এপ ব্যৱহাৰ কৰা হৈছে । এই এপৰ জৰিয়তে বা সংগৃহীত তথ্য যাতে কৃষকে হাততে পাব পাৰে তাৰবাবে কৃষকলৈ SMS পঠোৱাৰো ব্যৱস্থা কৰা হৈছে ।
" আটাইতকৈ ভাল খবৰটো হ'ল যে, নতুন বছৰৰ আৰম্ভণিতে আমি AMIUৰ ৱেবচাইট আৰম্ভ কৰিম আৰু যাৰ জৰিয়তে আধুনিক তথ্যপ্ৰযুক্তি তথা কৃষিক্ষেত্ৰৰ শেহতীয়া ধাৰাৰ সৈতে আমাৰ খেতিয়ক সংযুক্ত হব পাৰিব। উল্লেখ্য যে, কৃষক তথা ক্ৰেতা বিক্ৰেতাই সহজে বজাৰ তথ্য জানিব পৰাকৈ এই প্ৰকল্পৰ অধীনত বাতৰি কাকত ,দুৰদৰ্শন, ৰেডিঅ'ত বজাৰৰ তথ্য প্ৰচাৰ কৰাৰ উপৰিও মবাইল এপ্লিকেশ্যন , SMS সেৱা আৰু বজাৰ সমূহত তথ্যফলকৰ ব্যৱস্থা থাকিব। ", ড° নিবেদিতা ডেকাই আৰু এনেদৰে কয় ।
এপাৰ্টৰ সহযোগত বিশ্ববেংকৰ অনুদানেৰে আৰম্ভ কৰা এই সমগ্ৰ কেন্দ্ৰটো আগবঢ়াই নিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিভাগ আৰু সম্প্ৰসাৰণ শিক্ষা বিভাগৰ অধ্যাপক বিজ্ঞানীসকল জড়িত হৈ থাকিব। কৃষকে যাতে সহজে এই প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ নিজকে উপকৃত কৰিব পাৰে তাৰ বাবে কৃষি বজাৰ তথ্য আৰু সূচনা কেন্দ্ৰৰ জৰিয়তে পথাৰলৈ গৈ কৃষকৰ সৈতে মত বিনিময় কৰা হ'ব। তদুপৰি সময়ে সময়ে কৃষক , উৎপাদক গোটসমূহৰ সহযোগত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Himangshu Bhuyan
FIRST PUBLISHED : January 02, 2022, 21:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।