কিছু বছৰৰ বিৰতিৰ মূৰে মূৰে অসমত মূৰ তুলিবলৈ চেষ্টা কৰি অহা ইছলামিক সন্ত্ৰাসবাদে পুনৰ নতুন ৰূপত ঠন ধৰি উঠিবলৈ অতি গোপনে চেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ মাজতে বিশ্ব ত্ৰাস আল কায়দাৰ ইণ্ডিয়ান ছাব কনটিনেণ্ট চমুকৈ AQISৰ ১৪জন সদস্যক অসম আৰক্ষীয়ে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰাৰ সময়তে পোহৰলৈ আহিছে AQISৰ সহগোত্ৰীয় আনছাৰুল্লাহ বাংলা টীম আৰু Neo Jamat-Ul-Mujahiddinৰ মডিউল গঠনৰ অহৰহ প্ৰচেষ্টাৰ ভয়ংকৰ তথ্য ৷
আকৌ অসমত মূৰ তুলিছে ইছলামিক সন্ত্ৰাসবাদে ৷ বছৰ দিয়েকৰ অন্তত নতুন ৰূপত অসমত ইছলামিক সন্ত্ৰাসবাদ ৷ অসমত ইছলামিক সন্ত্ৰাসবাদে গা কৰি উঠিবলৈ গোপনে চেষ্টা চলোৱাৰ কথাটো নতুন নহয় ৷ ২০০০ চনৰ ৬ এপ্ৰিলত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অসম বিধানসভাৰ মজিয়াত দিছিল এক বিবৃতি ৷ কেনেকৈ সেই সময়ত ইছলামিক সন্ত্ৰাসবাদ বিয়পাবলৈ পাকিস্তানী চোৰাংচোৱা সন্থা ISIয়ে অসমত চেষ্টা কৰিছিল; সেই সন্দৰ্ভত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দিছিল অসম বিধানসভাৰ মজিয়াত বিবৃতি ৷
বিবৃতিটোত মুখ্যমন্ত্ৰী হিচাপে মহন্তই কৈছিল- “During the recent past, Assam Police has gathered sufficient evidence to prove that the Pakistani intelligence agency – ISI has been actively involved in fomenting violence and terrorism in the State. These activities are mainly in the following areas: (1) Promoting indiscriminate violence in the State by providing active support to the local militant outfits, (2) Creating new militant outfits along ethnic and communal lines by instigating ethnic and religious groups, (3) Supply of explosives and sophisticated arms to various terrorist groups, (4) Causing sabotage of oil pipelines and other installations, communication lines, railways and roads, (5)Promoting fundamentalism and militancy among local Muslim youth by misleading them in the name of 'jehad'; (6) Promoting communal tension between Hindu and Muslim citizens by way of false and highly inflammatory propaganda.”
বিবৃতিটোত সেই সময়ৰ মুখ্যমন্ত্ৰী মহন্তই আলফা নেতাক পাকিস্তানত প্ৰশিক্ষণ দিয়া, পৰেশ বৰুৱাক ISIয়ে পাছপোৰ্ট প্ৰদান কৰা আদি বিষয়তো মহন্তই উল্লেখ কৰিছিল ৷ মহন্তই কৈছিল; “Assam Police is in possession of plenty of evidence to show that the top ULFA leadership is in touch with certain officials of the Pakistani High Commission in Dacca. The ULFA leaders have been travelling to Pakistan regularly. Pakistani agencies have already imparted arms training to hundreds of ULFA cadres. According to the statement of scores of arrested ULFA leaders including their self-styled Vice Chairman Pradip Gogoi, the Pakistani officials in their High Commission in Dacca arrange for their passport in various Muslim names and send them to Karachi. From Karachi airport, they are whisked away in unmarked vehicles to the training centres. Specific evidence to such trips by dozens of ULFA leaders are already available.”
বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীয়ে বিবৃতিযোগে কৈছিল, “ISI has procured different passports for Paresh Barua, the self-styled C-in-C of ULFA in different names. Assam Police has been able to procure a copy of one passport issued to Paresh Barua in the name of Kamaruddin Zaman Khan. Documentary evidence suggests that this Bangladeshi passport has been obtained by fraudulent means with the help of an official of the Pakistani High Commission.”
মহন্তই উল্লেখ কৰিছিল ১৯৯৯ চনত অসমত আৰক্ষীয়ে চাৰি ISI এজেণ্টক গ্ৰেপ্তাৰ কৰাৰ কথাও ৷ মহন্তই কৈছিল, “Assam Police arrested the following four persons in Guwahati on August 10, 1999 while they were found moving about under suspicious circumstances and contacting certain persons in different parts of the State. 1) Md. Fasih Ullah Hussaini @ Hamid Mahmood @ Khalid Mehmood, son of Syed Habibulla, resident of Hyderabad Sind, Pakistan. 2) Md. Javed Wakhar @ Md. Musaffar @ Md. Mehraj @ Abdul Rahman Danish, resident of Karachi, Pakistan. 3) Maulana Hafiz Md. Akram Mallick @ Musaffar Hassain @ Atabulla @ Bhaijan @ Abdul Awal, son of Md. Abdul Aziz of Village Mukam Shahwali, Kupwara, J&K State and 4) Qari Salim Ahmed @ Abdul Aziz @ Sadat, son of Abdul Rashid, resident of Village Mehilki, Dist. Muzaffarnagar, UP. These persons had arrived in Dacca from Karachi by Pakistan International Airlines (PIA) flight on different dates in the third week of July 1999 and had meetings with the ISI officials based in Dacca to arrange for onward dispatch of a consignment of explosives to Assam. Subsequently, they traveled to Sylhet and crossed over to India through illegal channels somewhere near Karimganj.”
অসম, পশ্চিমবংগ, ত্ৰিপুৰাক বাংলাদেশৰে সংলগ্ন কৰি বৃহত্তৰ ইছলামিক ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনাৰে কৰা এই গভীৰ ষড়যন্ত্ৰ সময়ে সময়ে অসম আৰক্ষীয়ে থানবান কৰি আহিছে ৷ কিন্তু ইয়াৰ অন্ত হোৱা নাই ৷ শেহতীয়াকৈ বিশ্বত্ৰাস আল কায়দাৰ ভাতৃ সংগঠন আল কায়দা ইণ্ডিয়া ছাব-কনটিনেন্ট চমুকৈ AQISয়ে অসমত পেলাইছে জাল ৷ চহৰে-নগৰে- চাপৰে চাপৰে গঢ়িব বিচাৰিছে মডিউল ৷
আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীয়ে অসমক টাৰ্গেট কৰি লোৱাৰ এই ভয়ংকৰ সময়তে অসম আৰক্ষীয়ে লোৱা কঠোৰ পদক্ষেপত দুমাহত জালত পৰিছে ১৪ ইছলামিক সন্ত্ৰাসবাদীৰে জড়িত লোক ৷
বিগত ৪ মাৰ্চত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল AQISৰ নেতা তথা বাংলাদেশী নাগৰিক সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদক ৷ লগতে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল খাইৰুল ইছলাম, বাদশ্বাহ ছুলেইমান খান, নৌছাদ আলি আৰু টাইমূৰ ৰহমান নামৰ লিংকমেন কেইজনক ৷ যিসকলে AQISৰ প্ৰচাৰ আৰু মডিউল অসমৰ বিভিন্ন স্থানত স্থাপনৰ বাবে চেষ্টা কৰিছিল ৷
পৰৱৰ্তীকালত বাংলাদেশী AQISৰ নেতা সুমনৰ স্বীকাৰোক্তিৰ ভিত্তিত ১৫ এপ্ৰিলত গ্ৰেপ্তাৰ কৰে আন ছয়জন ইছলামিক সন্ত্ৰাসবাদৰে জড়িত লোকক ৷ গ্ৰেপ্তাৰ কৰে মুফটি ছুলেইমান আলি, জাহিদুল ইছলাম, ছাদ্দাম হুছেইন, মুছাৰফ ইছলাম আৰু মকিবুল হুছেইনক ৷ মছজিদৰ ইমাম তথা মাদ্ৰাছা তথা কোনো স্কুলৰ শিক্ষকক সাৰথি কৰি ইছলামিক সন্ত্ৰাসবাদৰ মডিউল স্থাপনৰ বাবে চলোৱা AQISৰ অপচেষ্টাৰ মাজতে বিগত এমাহে পলাতক হৈ আছে গৰৈমাৰী পথাৰৰ মছজিদৰ ইমাম শ্বৰিফুল মণ্ডল ৷ যাৰ সন্ধানত অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷
কেৱল ইমানেই নহয় AQISৰ আন এটা ভাতৃ সংগঠন আনছাৰুল্লাহ বাংলা টীমৰ আন তিনি সদস্যক বিগত ৮ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছে চুবুৰীয়া ত্ৰিপুৰাত ৷ বিগত শুকুৰবাৰে বৰপেটাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে AQISৰে জড়িত আন ছয় জনক ৷ ইছলামিক সন্ত্ৰাসবাদীৰ এই ভয়ংকৰ ষড়যন্ত্ৰক লৈ আৰক্ষীয়ে সতৰ্কতাৰে অভিযান চলোৱাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
ইপিনে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তয়েও এই অভিযান অব্যাহত আছে বুলি সদৰী কৰিছে ৷
উল্লেখযোগ্য যে তৰুণ গগৈৰ চৰকাৰৰ শেষৰটো কাৰ্যকালতো ইছলামিক সন্ত্ৰাসবাদীয়ে অসমত টাৰ্গেট কৰি লৈছিল ৷ পশ্চিমবংগৰ বৰ্ধমানত ২০১৪ৰ বোমা বিস্ফোৰণৰ পিছতে অসমত জামাত-উল-মুজাহিদ্দিন বাংলাদেশৰ আগ্ৰাসনৰ তথ্য পোহৰলৈ আহিছিল ৷ নামনি অসম, বৰাক ভেলী আদিৰ পৰা আৰক্ষীয়ে প্ৰায় ৫২ জনক গ্ৰেপ্তাৰ কৰিছিল ৷ সমগ্ৰ বিষয়টোকলৈ National Investigation Agencyয়ে চলোৱা অভিযান আৰু তদন্তৰ অন্তত একাধিক অভিযোগনামাও আদালতত দাখিল কৰিছিল ৷ ছাহানুৰ ইছলামকে ধৰি বহুকেইজনৰ বিৰুদ্ধে দাখিল কৰা হৈছিল অভিযোগনামা ৷
Published by: Gautam Barman
FIRST PUBLISHED : April 19, 2022, 17:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।