ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন, লাভ কৰিব ৩০০০ কোটি টকাৰ পুৰস্কাৰ

দেশত প্ৰথমবাৰৰ কাৰণে হোৱা National Health Mission ৰ অধীনৰ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনাত শীৰ্ষ স্থান লাভ কৰিছে অসমে

News18-Assam
Updated:October 10, 2019, 2:04 PM IST
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত অসমৰ শ্ৰেষ্ঠ প্ৰদৰ্শন, লাভ কৰিব ৩০০০ কোটি টকাৰ পুৰস্কাৰ
দেশত প্ৰথমবাৰৰ কাৰণে হোৱা National Health Mission ৰ অধীনৰ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনাত শীৰ্ষ স্থান লাভ কৰিছে অসমে
News18-Assam
Updated: October 10, 2019, 2:04 PM IST
 

দেশত প্ৰথমবাৰৰ কাৰণে হোৱা National Health Mission ৰ অধীনৰ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ পৰ্যালোচনাত শীৰ্ষ স্থান লাভ কৰিছে অসমে। দাদৰা আৰু নগৰ হাভেলি, কেৰেলা, হাৰিয়ানা আৰু পাঞ্জাৱৰ লগত অসমে লাভ কৰিছে এই সন্মান । শীৰ্ষস্থান লাভ কৰাৰ পুৰস্কাৰ হিচাপে এই ৫ খন ৰাজ্যই লাভ কৰিব ৩০০০ কোটি টকা।

আনহাতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু ছিক্কিমৰ প্ৰদৰ্শন সকলোতকৈ নিম্ন মানৰ । এই কেইখন ৰাজ্যই ৭৫ শতাংশ নূন্যতম টীকাকৰণৰ ব্যৱস্থাও কাৰ্যকৰী কৰিব পৰা নাছিল ।

২০১৮-১৯ বৰ্ষৰ এই পৰ্যালোচনাত NHM ৰ বিভিন্ন আঁচনি সমূহৰ ৰাজ্য সমূহে কিমান সফল ৰূপায়ণ কৰিছে তাৰ পৰ্যালোচনা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে। সৰ্বমুঠ ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিৰুদ্ধে নিম্নমানৰ প্ৰদৰ্শনৰ কাৰণে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অহা বিত্তীয় বৰ্ষত সেই ৰাজ্য কেইখনৰ পুঁজি কৰ্তন কৰা হব।

এই পৰ্যালোচনাত ৰাজ্য সমূহে মানসিক ৰোগৰে জড়িত আঁচনি সমূহ জিলা পৰ্যায়ত কিমান ৰূপায়ণ সেই কথাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ।
আৰু চাওক পৰৱৰ্তী বাতৰি