অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে আপুনিও দিয়ক মতামত, কেনেকৈ যোগাযোগ কৰিব উচ্চ পৰ্যায়ৰ কমিটীক?

উচ্চ পৰ্যায়ৰ কমিটীখনে ২০ ছেপ্টেম্বৰ অথবা তাৰ পূৰ্বে এই সন্দৰ্ভত মতামত বিচাৰিছে।

News18-Assam
Updated:August 22, 2019, 2:53 PM IST
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে আপুনিও দিয়ক মতামত, কেনেকৈ যোগাযোগ কৰিব উচ্চ পৰ্যায়ৰ কমিটীক?
উচ্চ পৰ্যায়ৰ কমিটীখনে ২০ ছেপ্টেম্বৰ অথবা তাৰ পূৰ্বে এই সন্দৰ্ভত মতামত বিচাৰিছে।
News18-Assam
Updated: August 22, 2019, 2:53 PM IST
অসমৰ খিলঞ্জীয়াৰ সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষা, সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কবচ প্ৰদানৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মাৰ নেতৃত্বত গঠন কৰি দিয়া কমিটীখনে মতামত আহ্বান কৰিছে। কমিটীখনে সামাজিক সংগঠন আৰু ব্যক্তিক নিজ নিজ মতামত প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

অসম চুক্তিৰ ৬নং দফাৰ অধীনত অসমৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া মানুহৰ বাবে সংসদ, বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা হ’ব। অসমীয়া আৰু খিলঞ্জীয়া ভাষাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অধীনৰ ৰাজহুৱা প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডত খিলঞ্জীয়াৰ বাবে পদ সংৰক্ষণ কৰা হ’ব। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ ব্যৱস্থা হ’ব।

উচ্চ পৰ্যায়ৰ কমিটীখনে ২০ ছেপ্টেম্বৰ অথবা তাৰ পূৰ্বে এই সন্দৰ্ভত মতামত বিচাৰিছে। কমিটীখনৰ কাৰ্যালয়ত সোঁশৰীৰে উপস্থিত হৈ মন্তব্য, পৰামৰ্শ আৰু মতামত প্ৰকাশ কৰাৰ উপৰি ই–মেইলযোগেও দাখিল কৰিব পাৰিব মতামত। ই–মেইল আই ডি – imple.assamaccord@gmail.com আৰু ppkathkotia@gmail.com
আৰু চাওক পৰৱৰ্তী বাতৰি