প্ৰায় দুটা ঘণ্টাজোৰা বৈঠকৰ পিছত মন্ত্ৰী অতুল বৰাই কয় যে, 'ৰাজনৈতিক সদিচ্ছা প্ৰকাশ কৰিছে চৰকাৰখনে। সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া বিষয় হৈছে অসম চুক্তি ৰূপায়ন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু আগ্ৰহেৰে লৈছে এই বিষয়টো। শ্বহীদ ন্যাসৰ সৈতে মোৰ বহু স্মৃতি জড়িত হৈ আছে। যিহেতু মই এইখন মজিয়াৰ পৰাই গৈছো। অসমৰ জনসাধাৰণৰ কেইবা দশকৰ আশা পূৰণৰ বাবে আমি আগবঢ়াইছো। আছুৰ সহযোগিতাত আমি এই কাম কৰিব লাগিব।'
কিন্তু অসম চুক্তিৰ ৬ নং দফাৰ সন্দৰ্ভত কোনো আলোচনা কৰা নাই মন্ত্ৰী অতুল বৰাই।পৰ্য্যায়ক্ৰমে এই সন্দৰ্ভত আলোচনা কৰাৰ আশ্বাসহে দিছে মন্ত্ৰীগৰাকীয়ে। ৰাজনৈতিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ সন্দৰ্ভতো মন্তব্য নকৰিলে মন্ত্ৰী গৰাকীয়ে।