আকৌ আহিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰসংগ ৷ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী (Assam accord implementation minister) অতুল বৰা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত বুধবাৰে অসম চুক্তিৰ ৫নং দফাক লৈ হৈছিল বিস্তৃত আলোচনা হয় ৷ সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি ছাত্ৰ সন্থাৰ আন দুগৰাকী উপদেষ্টাই ভাগ লয় বৈঠকত।
আছুৱে বৈঠকত ৰাখে এই কেতবোৰ দাবী— ভোটাৰ তালিকাৰ পৰা বিদেশীক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বহিষ্কাৰ কৰিব লাগে। আৰক্ষী আৰু বিদেশী ন্যায়াধীকৰণসমূহক শক্তিশালী কৰিব লাগে। প্ৰত্যেক জিলাত এজন বিদেশী চিনাক্তকৰণৰ বাবে বিশেষ আৰক্ষী অধীক্ষকক নিযুক্তি দিব লাগে। জে'লত থকা বিদেশীসকলক ক্ষিপ্ৰতাৰে বহিষ্কাৰৰ ব্যৱস্থা কৰিব লাগে।
ন্যায়ালয়ে জে'লত থকা বিদেশীক দুবছৰ জে'লত থকাৰ পিছত ৫ হাজাৰ টকাৰ ব'ণ্ডৰ বিনিময়ত এৰি দিয়াৰ কথা কৈছে, যিটো অতি ভয়াৱহ কথা বুলি উল্লেখ কৰি আছুৱে বিচাৰে দ্বিপাক্ষিক চুক্তি কৰি বিদেশী প্ৰত্যৰ্পণ ৷
বিদেশী ন্যায়াধিকৰণৰ বাবে যি ১৬শ গৰাকীক নিযুক্তি দিয়াৰ কথা কৈছিল চৰকাৰে, সেই সকলক ক্ষিপ্ৰতাৰে নিযুক্তি দিব লাগে বুলি প্ৰকাশ কৰি বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আইনৰ সুৰুঙা আছে সুৰুঙা বন্ধ কৰিব লাগে আদি দাবী উত্থাপন কৰে ৷
ইফালে, নাগৰিকপঞ্জীক লৈ সুখী নহয় আছু ৷ বুধবাৰে এই কথাও সদৰী কৰিলে সদৌ অসম ছাত্ৰ সন্থাই– "NRCৰ ক্ষেত্ৰত আমি সেই সময়তে ত্ৰুতি ৰৈ যোৱা বুলি কৈছিলোঁ ৷ NRCৰ পুংখানুপুখ পৰীক্ষা কৰিব লাগিব ৷ আমি মিঠাই খাইছিলোঁ ৷ আমাক ৰাইজে খুৱাইছিল, খাইছিলোঁ ৷ গৃহমন্ত্ৰী অমিত শ্বাহেও NRCক লৈ কৈছিল দম আছিল কৰি দেখুৱালো বুলি ৷ মুখ্যমন্ত্ৰীয়েও কৈছিল ঐতিহাসিক দলিল বুলি ৷ এতিয়া কথা হ'ল NRCৰ পুনৰীক্ষণৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব লাগে ৷ এখন শুদ্ধ NRCৰ জৰিয়তে বিদেশীক চিনাক্ত কৰি প্ৰত্যৰ্পণৰ ব্যৱস্থা কৰিব লাগে ৷ এইখন অসমত '৭১ৰ পিছত অহা কোনো বিদেশীৰে দপদপনি নচলিব ৷ প্ৰভুত্ব চলিব মাথোঁ খিলঞ্জীয়াৰহে ৷"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|