২০১৯ চনৰ ১৫ জুলাইত গঠন কৰা হৈছিল অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে উচ্চস্তৰীয় কমিটীখন৷
২০১৯ চনৰ ১৫ জুলাইত গঠন কৰা হৈছিল অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে উচ্চস্তৰীয় কমিটীখন৷
আজি খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অসম চুক্তিৰ ৬নং দফাক লৈ উচ্চস্তৰীয় কমিটীৰ অন্তিমলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত থাকে গৃহ বিভাগৰ উত্তৰ–পূবৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ তথা কমিটীৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মাকে ধৰি সদস্য সকল। শীঘ্ৰে অসম চুক্তিৰ ৬নং দফাক লৈ প্ৰতিবেদন দাখিল কৰিব উচ্চস্তৰীয় কমিটীখনে ৷
২০১৯ চনৰ ১৫ জুলাইত গঠন কৰা হৈছিল অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে উচ্চস্তৰীয় কমিটীখন৷ ২০১৯ চনৰ অক্টোবৰ মাহৰ পৰা কমিটীখনে শুনানি গ্ৰহণ কৰিছিল৷ কমিটীৰ সদস্যসকল ক্ৰমে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা, ৰমেশ বৰপাত্ৰগোহাঁই, সুভাষ দাস, পল্লৱ ভট্টাচাৰ্য, সুমন্ত চলিহা, ৱাছবিৰ হুছেইন, জয়কান্ত শৰ্মা, সৃষ্টিধৰ দত্ত, নিলয় দত্ত, সমুজ্জল কুমাৰ ভট্টাচাৰ্য, দীপাংক নাথ, লুৰিণজ্যোতি গগৈ আৰু ড০ মৃণাল মিৰি৷ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত কমিটীখনে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব প্ৰতিবেদন৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|