‘দিল্লীৰ ৰঙা চকুলৈ ভয় কৰে সৰ্বানন্দ সোণোৱালে, ভয়ত দাখিল কৰিব পৰা নাই অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন’

News18 Assam | News18-Assam
Updated:September 16, 2020, 3:57 PM IST
‘দিল্লীৰ ৰঙা চকুলৈ ভয় কৰে সৰ্বানন্দ সোণোৱালে, ভয়ত দাখিল কৰিব পৰা নাই অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন’
৮ মাহ উকলি গ’ল ,কিন্তু আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ হাতত অসম চৰকাৰে দাখিল নকৰিলে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ প্ৰতিবেদন।

৮ মাহ উকলি গ’ল ,কিন্তু আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ হাতত অসম চৰকাৰে দাখিল নকৰিলে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ প্ৰতিবেদন।

  • News18 Assam
  • Last Updated: September 16, 2020, 3:57 PM IST
  • Share this:
৮ মাহ উকলি গ’ল ,কিন্তু আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰৰ হাতত অসম চৰকাৰে দাখিল নকৰিলে অসম চুক্তিৰ ৬ নং দফা ৰূপায়নৰ প্ৰতিবেদন। বুধবাৰে ৰাজ্যসভাৰ মজিয়াত এই তথ্য পোহৰলৈ অহাৰ পিছত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সমিতিয়ে দাখিল কৰা প্ৰতিবেদন বিগত ৬ মাহে অসম চৰকাৰৰ হাততে পৰি থাকিল ৷ যিটো পূৰ্বে সন্দেহ প্ৰকাশ কৰি সমিতিৰ অন্যতম সদস্য আছু নেতৃত্বই ৰাজহুৱা কৰিছিল ৬ নং দফাৰ প্ৰতিবেদন ৷ আছুৰ এনে কাৰ্যই ছয় নং দফা সময়ত কাৰ্যকৰী কৰাত আউল লগাব বুলি ৰাজহুৱা মন্তব্যও কৰিছিল খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে শীঘ্ৰে প্ৰতিবেদন কাৰ্য্যকৰী হ’ব বুলি আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।



কিন্তু বুধবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সম্ভাজী চত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে প্ৰকাশ কৰে আশ্বৰ্যকৰ তথ্য ৷ এতিয়াও অসম চৰকাৰৰ নিৰীক্ষণত আছে প্ৰতিবেদন ৷

এই কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সভাপতি দিপাংক নাথে কয় যে, ‘দিল্লীৰ ৰঙা চকুলৈ ভয় কৰে সৰ্বানন্দ সোণোৱালে। ৰাজ্য চৰকাৰে প্ৰতিবেদন কেন্দ্ৰক দাখিল কৰিবৰ বাবে সাহস গোটাব পৰা নাই। এয়া চৰকাৰখনৰ অসমৰ ৰাইজৰ পক্ষে চৰম বিশ্বাসঘাটকতা ৷ বিজেপি চৰকাৰখনে সময়ে সময়ে অসমৰ ৰাইজক প্ৰৱঞ্চনা কৰি আহিছে, সেয়া এই কথাৰ পৰা স্পষ্ট হৈছে ৷’
Published by: Himangshu Bhuyan
First published: September 16, 2020, 3:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading