গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ’ল অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:February 13, 2020, 6:58 PM IST
গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ’ল অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন
কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্ধাৰিত তাৰিখত গৃহমন্ত্ৰীৰ হাতত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাটো বিচাৰে

কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্ধাৰিত তাৰিখত গৃহমন্ত্ৰীৰ হাতত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাটো বিচাৰে

  • Share this:
অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰণৰ দিশত এখোজ। অসম চুক্তি কাৰ্যকৰীকৰণৰ বাবে চৰকাৰে গঠন কৰা কমিটীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণাললৈ প্ৰেৰণ কৰে প্ৰতিবেদনৰ প্ৰতিলিপি। নতুন দিল্লীত উত্তৰ পূৱৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গৰ সৈতে কমিটীৰ অধ্যক্ষ, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই  বৈঠকত মিলিত হোৱাৰ পাছতে গৃহমন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হয় অসম চুক্তিৰ ৬নং দফাৰ প্ৰতিবেদনৰ প্ৰতিলিপি। অহা ১৫ ফেব্ৰুৱাৰীত গৃহ মন্ত্ৰণালয়ত আনুষ্ঠানিক ভাবে দাখিল কৰিব চুক্তিৰ ছয় নং দফাৰ প্ৰতিবেদন।

অৱশ্যে কমিটীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত প্ৰতিবেদন দাখিল কৰাটো বিচাৰিছিল। কমিটীৰ সকলো সদস্যই স্বাক্ষৰ কৰি প্ৰতিবেদন ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হৈছে  বুলি জানিবলৈ দিয়ে কমিটীৰ অধ্যক্ষ, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি