অহা ৩১ আগষ্টৰ পৰা অসম বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশন ৷ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ পূৰ্বে কোৰোণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে অসম বিধানসভাৰ সচিবালয়ে ৷ এই বিষয়ত এক নিৰ্দেশনা বুধবাৰে বিধানসভাৰ বিষয়া-কৰ্মচাৰীৰ বাবে জাৰি কৰা হৈছে ৷ লগতে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই জনালে- “বিধানসভাৰ চৌহদত প্ৰৱেশৰ পূৰ্বে ৰেপিড টেষ্ট কৰিব লাগিব সকলো মন্ত্ৰী-বিধায়কে ৷ একেদৰে ৰেপিড টেষ্ট কৰিব লাগিব বিষয়া-কৰ্মচাৰী আৰু সাংবাদিক সকলেও ৷ ইয়াৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিছো ৷ এই হিচাপত ২৮ আৰু ২৯ আগষ্টত ৰেপিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে ৷”
বিধানসভাৰ ভিতৰত প্ৰতিটো দলৰ বিধায়কৰ উপস্থিতি সন্দৰ্ভতো দলসমূহে জনাব লাগিব ৷ সামাজিক দূৰত্ব ৰক্ষাৰ স্বাৰ্থত এই বিধানসভাৰ সচিয়াবলয়ে ৷ লগতে বিভাগীয় প্ৰশ্ন নাথাকিলে মন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত উপস্থিত থকাৰ সলনি নিজ কাৰ্যালয় কক্ষত থকাৰ ব্যৱস্থা কৰিছে বিধানসভাৰ সচিবালয়ে ৷ এই সন্দৰ্ভত প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই ক'লে - “পঞ্চাশ শতাংশ সদস্যৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰখা হ'ব ৷ প্ৰশ্ন নাথাকিলে মন্ত্ৰীয়ে নিজৰ কাৰ্যালয় কক্ষতে থাকিব ৷”
ইপিনে শেহতীয়াক কোৰোণাত আক্ৰান্ত হৈছে সাত বিধায়ক ৷ কোৰোণা মহামাৰীত শেহতীয়াকৈ আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, অজন্তা নেওগ, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ভুৱন পেগু, ভৱেন ভৰালী, ভাস্কৰ শৰ্মা আৰু কমল সিং নাৰ্জাৰী ৷ কোৰোণা মহামাৰীত আক্ৰান্ত এই সাত বিধায়কে এই গ্ৰীষ্মকালীন অধিবেশনত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|