ৰাজ্যৰ অধিকাংশ কলেজকে স্বায়ত্বশাসন প্ৰদান কৰা হ'ব। শনিবাৰে এই কথা জনাবলৈ দিয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
ৰাজ্যৰ অধিকাংশ কলেজকে স্বায়ত্বশাসন প্ৰদান কৰা হ'ব। শনিবাৰে এই কথা জনাবলৈ দিয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
দুবছৰৰ ভিতৰত বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হ'ব নৰ্থ লখিমপুৰ কলেজ, জেবি কলেজ, সন্দিকৈ ছোৱালী কলেজ, শিৱসাগৰ কলেজ আৰু নগাওঁ কলেজ। সেইদৰে ৰাজ্যৰ অধিকাংশ কলেজকে স্বায়ত্বশাসন প্ৰদান কৰা হ'ব। শনিবাৰে এই কথা জনাবলৈ দিয়ে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সন্দৰ্ভত আলোচনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'নতুন ভাৰত গঢ়াত উৎসাহ জগাব নতুন NEPয়ে। ভাৰতৰ সভ্যতাক লৈ সকলোৱে গৌৰৱ কৰে।কালৰ সোঁত বহু সভ্যতাৰ বিলুপ্তি ঘটিল। বিপৰীতে চিৰ প্ৰৱাহমান হৈ আছে ছহেজাৰ পুৰণি ভাৰতীয় সভ্যতা। সময়ে সময়ে ভাৰতীয় সভ্যতাক লৈ সৃষ্টি হৈছে সংঘৰ্ষ। ভাৰতীয় সভ্যতাৰ মূল ছাবিকাঠিয়ে হ'ল জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা।'
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'বিগত এটা দশকত দেশৰ শৈক্ষিক জগতৰ বাবে সৰ্বোৎকৃষ্ট উপহাৰ হৈছে NEP। অধ্যাপক কস্তুৰী নন্দনে ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ জৰিয়তে প্ৰস্তুত কৰিছে NEP। ২০৩৪ ৰ ভিতৰত NEP ৰ সঠিক ৰূপায়ণৰ সময় নিৰ্ধাৰণ কৰা হৈছে।NEP ৰ সঠিক বলৱতে বিশ্বক নেতৃত্ব দিব ভাৰতে। ১৮০ টা ভাষা- উপভাষা আছে উত্তৰ-পূবত। ইয়াৰ বাবে প্ৰস্তুত কৰা হ'ব পাঠ্যক্ৰম- পাঠ্যপুথি। অসমীয়া, বড়ো,বাংলা ,হিন্দী ভাষাৰ পাঠ্যপুথি প্ৰকাশ হৈ আছে। প্ৰত্যাহ্বান থাকিলেও ৰাজ্যত বলৱৎ হ'ব নতুন শিক্ষা নীতি।'
ভাষণ প্ৰসংগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, 'এই অনুষ্ঠান আয়োজন কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ। শিক্ষামন্ত্ৰী থকাৰ সময়ত মুখ্যমন্ত্ৰীয়ে নতুন শিক্ষানীতিৰ প্ৰযোজ্য কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিছিল। এই নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ বাবে এখন স্পষ্ট ৰেড মেপ প্ৰস্তুত কৰিব লাগিব। কভিডৰ বাবে শিক্ষানুষ্ঠান সমূহে নতুন শিক্ষানীতিৰ সম্পৰ্কত কোনো চেমিনাৰ আয়োজন কৰিব পৰা নাই। যাৰ বাবে সকলো নতুন শিক্ষানীতি সম্পৰ্কত অৱগত নহয়। সংখ্যালঘু,জনজাতীয় লোকে নতুন শিক্ষানীতিত নিজৰ নিজৰ মাতৃভাষা প্ৰযোজ্য কৰাৰ বাবে আহ্বান জনাইছে। এই ক্ষেত্ৰত এই ৰডমেপ প্ৰস্তুত কৰিব লাগিব। প্ৰশাসনিক ব্যৱস্থাতকৈ এই নতুন শিক্ষানীতি বুজিব লাগিব সমাজৰ মানুহে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|