আদিবাসী বিদ্ৰোহী গ্ৰুপৰ লগত ১৫ ছেপ্তেম্বৰত নতুন দিল্লীত হ'ব ঐতিহাসিক শান্তি চুক্তি। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নতুন দিল্লীত সম্পাদিত হ'ব এই শান্তি চুক্তি।

অসমৰ পাঁচটা বিদ্ৰোহী সংগঠন ক্ৰমে বিৰছা কামান্ডো ফ'ৰ্চ, আদিবাসী কোব্ৰা মিলিটানছ অফ আছাম, ছানটাল টাইগাৰ ফ'ৰ্চ, আদিবাসী পিপলছ আৰ্মী আৰু অল আদিবাসী নেছনেল লিবাৰেছন আৰ্মীৰ সৈতে হ'ব এই চুক্তি। অসমৰ আদিবাসী সকলৰ অধিকাৰৰ বাবে এই পদক্ষেপ প্ৰশংসনীয় বুলি কয় দল কেইটাৰ নেতৃত্বই। সংগঠন কেইটাৰ নেতৃত্বৰ মুখ্যমন্ত্ৰীৰ সৈতে সোমবাৰে ইতিমধ্যে হয় বিশদ আলোচনা। ১৫ ছেপ্তেম্বৰৰ আদিবাসী শান্তি চুক্তিৰ বাবেই সংগঠন কেইটাৰ নেতৃত্ব ইতিমধ্যে নতুন দিল্লী অভিমুখে ৰাওনা হৈছে। সোমবাৰে নিশা জনতা ভৱনৰ মুখ্যমন্ত্ৰী কনফাৰেন্স হলত অনুষ্ঠিত বৈঠকত শ্ৰম মন্ত্ৰী তথা চাহ জনগোষ্ঠীয় বিধায়ক সঞ্জয় কিষানো উপস্থিত আছিল। এদিন পিছতে হ'ব লগীয়া চুক্তিখন লৈ তিনিওটা পক্ষ যথেষ্ঠ আশাবাদী।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|