Assam 3rd Phase Election: জালুকবাৰী, পাটাছাৰকুছি আৰু ধৰ্মপুৰলৈ সকলোৰে চকু!

News18 Assam | News18-Assam
Updated:April 6, 2021, 6:13 AM IST
Assam 3rd Phase Election: জালুকবাৰী, পাটাছাৰকুছি আৰু ধৰ্মপুৰলৈ সকলোৰে চকু!
আজি অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ ভিতৰত বিশেষ তিনিটা সমষ্টিলৈ দৃষ্টি ৰাখিছে সকলোৱে।

আজি অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ ভিতৰত বিশেষ তিনিটা সমষ্টিলৈ দৃষ্টি ৰাখিছে সকলোৱে।

  • Share this:
আজি অসম বিধানসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৪০টা সমষ্টিৰ ভিতৰত বিশেষ তিনিটা সমষ্টিলৈ দৃষ্টি ৰাখিছে সকলোৱে। সেইকেইটা সমষ্টি হ'ল মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জালুকবাৰী সমষ্টি, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা পাটাছাৰকুছি সমষ্টি। আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ধৰ্মপুৰ সমষ্টি।

জালুকবাৰী সমষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে।

পাটাছাৰকুছিত এইবাৰ আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। সৰভোগৰ সমষ্টিৰ পৰিৱৰ্তে পাটাছাৰকুছিৰ পৰা বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে, সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাই। আনহাতে কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শান্তনু শৰ্মাই।

ঠিক সেইদৰে ধৰ্মপুৰ সমষ্টিতো এইবাৰ বিজেপি প্ৰাৰ্থী জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক তীব্ৰ প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী যুৱ নেতা ৰাতুল পাটোৱাৰী আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ড০ শিখৰ শৰ্মাই।
Published by: Himangshu Bhuyan
First published: April 6, 2021, 6:13 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি