உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam 3rd Phase Election: আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু ৰথী মহাৰথীৰ ভাগ্য বন্দী হ'ব EVMত

    Assam 3rd Phase Election: আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহু ৰথী মহাৰথীৰ ভাগ্য বন্দী হ'ব EVMত

    ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহ-

    ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহ-

    ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহ-

    • Share this:
    আজি অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। ইতিমধ্যে দুটা পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ পিছত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে প্ৰশাসন।

    তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৪০টা সমষ্টিত সম্পন্ন হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰায় ৭৯,১৯,৬৪১গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। মুঠ ভোটাৰৰ ভিতৰত ৪০,১১,৫৩৯গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ৩৯,০৭,৯৬৩ গৰাকী।

    পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইতিমধ্যে ইয়াৰ বাবে সকলো যাৱতীয় কামকাজ সম্পন্ন কৰি তুলিছে প্ৰশাসনে।

    ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহ-

    মানকাছাৰ, ধুবুৰী, গোলকগঞ্জ, বিলাসীপাৰা পূব, গোৱালপাৰা পশ্চিম, গোসাইগাঁও, কোকৰাঝাৰ(পূব), বিজনী, ভবানীপুৰ, বৰমা, বঙাইগাঁও, অভয়াপুৰী(দক্ষিণ), বৰপেটা, বাঘবৰ, চেঙা, দুধনৈ, ছয়গাঁও, হাজো, দিছপুৰ, গুৱাহাটী(পূব), গুৱাহাটী(পশ্চিম), দক্ষিণ শালমৰা, গৌৰীপুৰ, বিলাসীপাৰা(পশ্চিম), গোৱালপাৰা(পূব), জলেশ্বৰ, কোকৰাঝাৰ(পশ্চিম), চিদলী. সৰভোগ, তামুলপুৰ, চাপাগুৰি, অভয়াপুৰী(নৰ্থ), পাটাছাৰকুচি, জনিয়া, সৰুক্ষেত্ৰী, ধৰ্মপুৰ, বকো, পলাশবাৰী, জালুকবাৰী, বৰক্ষেত্ৰী।
    Published by:Himangshu Bhuyan
    First published: