ৰাজ্যৰ Covid Vaccineৰ দ্বিতীয় পালি নোলোৱা বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান।
ৰাজ্যৰ Covid Vaccineৰ দ্বিতীয় পালি নোলোৱা বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান।
Covid-19ৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হিচাপে এতিয়া পৰিগণিত হৈছে বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিক সম্পূৰ্ণৰূপে ভেকচিন প্রদান কৰাটো । যদিহে এজনো ভেকচিন নোলোৱাকৈ থাকি যায় তেন্তে ক’ৰোনা ভাইৰাছে তেওঁৰ শৰীৰৰ যোগেদি বিৱৰ্তন হৈ অন্য এক ভয়ংকৰ প্ৰকাৰ লোৱাৰ অৱকাশ থাকি যায়; যি প্ৰকাৰৰ ওপৰত ভেকচিনেও কাম নকৰিব পাৰে । কিন্তু অসমত ২৬লক্ষ লোকে দ্বিতীয় পালি প্রতিষেধক গ্ৰহণ নকৰিলে । সোমবাৰ পর্যন্ত ৩.৮৯লাখ Covaxin লোৱা লোকে দ্বিতীয় পালি ভেকচিন নোলোৱাৰ বিপৰীতে Covishield লোৱা ২২.৮১লোকে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰা নাই ।
দ্বিতীয় পালি ভেকচিন নোলোৱা সৰ্বাধিক লোকৰ সংখ্যা পোৱা গৈছে কামৰূপ জিলাত । কামৰূপত ১.৬৪লাখ লোকে প্ৰথম পালি গ্ৰহণ কৰি দ্বিতীয় পালি ল’বলৈ নাহিল । ১.৩৪লাখৰে দ্বিতীয় স্থানত আছে নগাঁও আৰু ১.৩১লক্ষৰে তৃতীয় স্থানত আছে কাছাৰ । ৰাজ্য চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ পৰা প্ৰাপ্ত এই তথ্য সমূহে চৰকাৰৰ ১০০শতাংশ ভেকচিন প্রদানৰ নীতিৰ ব্যর্থতা প্ৰতিফলিত কৰিছে ।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে দুয়োটা পালি প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰিবলৈ বিভিন্ন পদ্ধতি হাতত লৈছে । দুই পালি নোলোৱা সকলে এতিয়াৰ পৰা নাপাই চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা । ৰাজহুৱা স্থান, দোকান, পোহাৰ, অফিচ, কাচাৰী আদিলৈ যোৱাৰো অনুমতি দিয়া হোৱা নাই তেনেলোকক । তাৰ পিছতো দ্বিতীয় পালি নোলোৱা এই বুজন সংখ্যক লোকক এতিয়া বিচাৰি ভেকচিন দিয়াটো হৈ পৰিছে স্বাস্থ্য বিভাগৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|